হস্ত নিৰ্মিত পিষ্টলৰ সৈতে ‘ম’ষ্ট ৱান্টেড’ অপৰাধীক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ

Darrang-Police-1-1024x512

দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধীজন। ফটো: নৰ্থইষ্ট নাও।

দৰং আৰক্ষীয়ে মঙলবাৰে এজন ‘ম’ষ্ট ৱান্টেড’ অপৰাধীক এটা হস্ত নিৰ্মিত পিষ্টলৰ সৈতে গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি আকবৰ আলী বুলি চিনাক্ত হোৱা অপৰাধীজন মাৰনাস্ত্ৰৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত আছে।

”২নং ধনশিৰিমুখ গাঁৱৰ এজন বাসিন্দা আকবৰ আলীক এটা হস্ত নিৰ্মিত পিষ্টলেৰে সৈতে গ্ৰেপ্তাৰ কৰা হৈছে,”-আৰক্ষীয়ে জানিবলৈ দিয়ে।

‘’আমি তেওঁক বহুদিনৰে পৰা বিচাৰি আছিলো আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ,’’-আৰক্ষীৰ সূত্ৰই লগতে জানিবলৈ দিয়ে।

আৰক্ষীয়ে কয় যে তেওঁলোকে অপৰাধীজনৰ জিম্মাৰ পৰা অধিক অবৈধ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰাৰ আশা কৰিছে।

‘’ধূলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলাই থকা হৈছে,’’-আৰক্ষীয়ে কয়।

আনহাতে, দৰং আৰক্ষীয়ে জিলাখনত অবৈধ ড্ৰাগছ আৰু আন অবৈধ কাৰ্যৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে।

যোৱা ১১জুন তাৰিখে জিলাখনৰ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰী কামৰূপ জিলাৰ হাজোৰ শিঙিমাৰীৰ মকছেদ লীৰ পুত্ৰ মইনুল আলীক গ্ৰেপ্তাৰ কৰিছিল।

সেইদৰে, ১০ জুনতো জিলাখনৰ খাৰুপেটীয়া আৰক্ষী থানাৰ বিষয়াসকলে দুটা জাল নোট ছপা কৰা দুটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল।