হিন্দু ছোৱালী-বাংলাদেশী মুছলমান-লাভ জিহাদ-অসম আৰক্ষী-চেকুলাৰিজম সন্দৰ্ভত শিলাদিত্য দেবৰ মন্তব্য

Siladitya Deb

শিলাদিত্য দেবৰ ফাইল ছবি।

দৰঙৰ বুঢ়া আৰক্ষী থানাত মহিলা-নিৰ্য্যাতনৰ অভিযোগক লৈ সৃষ্ট চাঞ্চল্যৰ মাজতে শাসকীয় বিধায়ক শিলাদিত্য দেবে বৃ্হস্পতিবাৰে হিন্দু ছোৱালী, বাংলাদেশী মুছলমান, লাভ জিহাদ, অসম আৰক্ষী, ডি জি পি কুলধৰ শইকীয়া, চেকুলাৰিজম আদি বিভিন্ন বিষয়ত মন্তব্য কৰিছে।

হোজাইৰ বিজেপি বিধায়কগৰাকীৰ মন্তব্যই নিজ দলৰ শাসন চলি থকা অৱস্থাত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনস্থ গৃ্হ বিভাগৰ অস্তিত্বতে কাৰ্য্যতঃ প্ৰশ্ন তুলিছে।

হিন্দু ছোৱালীৰ “কে’ছ”ত অসম আৰক্ষীৰ বিষয়াই বৃহৎ ধনৰ লেনদেনেৰে বাংলাদেশী মুছলমানৰ পক্ষ লোৱা বুলি দেবে গুৰুতৰ অভিযোগ তুলিছে।

“হাজাৰটা উদাহৰণ আছে। বাংলাদেশী মুছলমানৰ পক্ষত মাত মাতি বহু আৰক্ষী বিষয়াই তেওঁলোকক এৰি দিয়ে। হিন্দু ছোৱালী পলাই যোৱাৰ পাছত মাক-দেউতাকে কে’ছ দিলেও সেই গোচৰৰ তদন্তৰ বাবে নাযায়। কিয়নো তেওঁলোকে বৃহৎ পৰিমাণৰ পইচা পায়। আৰক্ষীয়ে পইচা লৈ হিন্দু ছোৱালীৰ গোচৰটো গ্ৰহণ নকৰে,” সংবাদমেলত দেবৰ মন্তব্য।

তেওঁ লগতে কয়, “বাংলাদেশী মুছলমান যুৱকে যদি এগৰাকী অসমীয়া ছোৱালীক উঠাই লৈ যায় তাৰ পাছত যদি আৰক্ষী থানাত গোচৰ দিয়া হয়, তেন্তে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ভয় কৰে। কিয়নো গোটেই গাঁৱৰ মানুহ ল’ৰাটো বচাবৰ বাবে ওলাই আহিব।”

সোণোৱালৰ গৃহ বিভাগৰ প্ৰতি দেবে “লাভ জিহাদ” সন্দৰ্ভত কিছু পৰামৰ্শও আগবঢ়াইছে।

“লাভ জিহাদ নিয়ন্ত্ৰণ কৰাৰ বাবে এটা চে’ল গঠন কৰি দিব লাগে। ২৪ ঘন্টা ইয়াক নিৰীক্ষণত ৰাখিব লাগে যে কেনেকৈ আমাৰ ছোৱালীবিলাকক তেওঁলোকে ট্ৰেপ কৰি লৈ যাব বিচাৰিছে। লগতে হিন্দু ছোৱালীৰ মাক-বাপেকে দিয়া গোচৰৰ সঠিক তদন্ত হৈছে নে নাই চে’লটোৱে নিৰীক্ষণ কৰি থাকিব লাগে,” দেবে কয়।

অসম আৰক্ষীৰ বীৰাঙ্গনাসকলক অধিক সক্ৰিয় কৰি তুলিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় শিলাদিত্য দেবে।

অসম আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগ উত্থাপন কৰি সঞ্চালক প্ৰধান কুলধৰ শইকীয়াকো সমালোচনা কৰে বিধায়কগৰাকীয়ে।

দেবৰ মতে, হিন্দু বা অসমীয়া সমাজৰ ক্ষেত্ৰত কুলধৰ শইকীয়াই দৃষ্টান্তমূলক কাম কৰা তেওঁ দেখা নাই।

“আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই তিনি মাহৰ সময়সীমাৰ ভিতৰত দৃষ্টান্তমূলক কাম কৰি দেখুৱাওক,” শইকীয়াৰ কাৰ্য্যকাল তিনি মাহৰ বাবে বঢ়োৱাৰ কথা উনুকিয়াই দেবে কয়। “অসমীয়া সমাজ বচাবৰ বাবে কুলধৰ শইকীয়াক তিনিমাহ সময় বৃদ্ধি কৰা হৈছে।”

আনহাতে, সংবাদমেলখনত অসমৰ ধৰ্মনিৰপেক্ষ লোকসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয় নিজ মন্তব্যৰে বিতৰ্কৰ আৱৰ্তত সোমাই অহা বিধায়কজনে।

“যিসকল চেকুলাৰ বুলি কৈ থাকে, সেই অসমীয়া, বাঙালী আৰু মাৰোৱাৰী লোকসকলে নিজৰ জীয়ৰীক মুছলমান লোকৰ ঘৰত বিয়া দিব পাৰিব জানো? আমি চেকুলাৰিজমৰ কথা কৈ আছো, আনফালে আমাৰ হিন্দু ছোৱালীক লুটপাত কৰি লৈ গৈ আছে,” দেবে কয়।

শিলাদিত্য দেবৰ মতে, “ছেকুলাৰিজম” শব্দটো বেছিকৈ উচ্চাৰণ কৰে “মৌলবাদী সংগঠন”ৰ মানুহবোৰে।

“বাংলাদেশী মুছলমানৰ মুখতহে চেকুলাৰ শব্দটো বেছিকৈ শুনা যায়। বাংলাদেশী মুছলমানে চেকুলাৰৰ বোৰ্খা পিন্ধি সমাজখন ধ্বংস কৰিব বিচাৰিছে। তেওঁলোকক উচিত দণ্ড দিব লাগিব,” দেবৰ মন্তব্য।

দেবৰ মতে, “লাভ জিহাদ” অসমক মুছলিমপ্ৰধান ৰাজ্য কৰাৰ এটা পৰিকল্পনা বুলি মন্তব্য কৰি দেবে কয়, ‘‘হিন্দু ছোৱালী বিয়া পাতি জনসংখ্যা বৃদ্ধি কৰি অসম দখল কৰাই তেওঁলোকৰ লক্ষ্য।”