কোনোমতে মেট্ৰিকৰ ডেওনা পাৰ হোৱা ভুৱা এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসকক গ্ৰেপ্তাৰ

Fake-doctor-arrested-

ফটো : নৰ্থ-ইষ্ট নাও

বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন ভুৱা চিকিৎসকক। ভুৱা চিকিৎসকজনৰ পৰা আৰক্ষীয়ে চিকিৎসা সম্পৰ্কীয় সঁজুলিৰ লগতে কিছু পৰিমাণে ঔষধো জব্দ কৰে।

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বিহুদিয়া গাঁৱৰ নিজ ঘৰৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত যোৱা দৰং আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰা ভুৱা এম বি বি এছ ডিগ্ৰীধাৰী লোকজন চাহাৰ আলী (৫৫) বুলি চিনাক্ত কৰিছে।

‘গ্ৰেপ্তাৰ হোৱা লোকজনে কোনোমতেহে মেট্ৰিকৰ ডেওনা অতিক্ৰম কৰিছে, তেওঁ কোনো ধৰণৰ মেডিকেল ডিগ্ৰী লোৱা নাই’, এই কথা আৰক্ষীয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে লগতে জানিবলৈ দি কয়, ‘অবৈধভাৱে ৰোগীক চিকিৎসা আগবঢ়াই থকাৰ সময়তে আমি তেওঁক হাটে লোটে ধৰো’।

লোকজনৰ পৰা ইঞ্জেকশ্যন, চেলাইনৰ লগতে কিছু পৰিমানে ঔষধ জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে লোকজনৰ বিৰুদ্ধে খাৰুপেটিয়া আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪১৯ ধাৰাৰ অধীনত ৪৮০/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে চাহাৰ আলীয়ে নিজকে এজন এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসক হিচাপে পৰিচয় দি যোৱা ২০১৩ চনৰ পৰা এইদৰে অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে।