আইপিএলৰ শিহৰণকাৰী প্ৰথমখন মেচত অন্তিমটো বলত মুম্বাইক হৰুৱাই দুৰ্দান্ত বিজয় কোহলী বাহিনীৰ

IPL-RCB-MUMBAI

বিস্ফোৰক এ ডি বি ভিলিয়াৰ্ছ। ফটো: আইপিএল টুইটাৰ।

আজি পাঁচ মাহ পূৰ্বে আইপিএল-২০২০ৰ ফাইনেলত দিল্লী কেপিটেলছক পৰাজিত কৰি পঞ্চমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল মুম্বাই ইণ্ডিয়ানছে।

এইবাৰ দেশৰ মাটিত অনুষ্ঠিত বোৱা আইপিএল-২০২১ৰ উদ্বোধনী মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰ চি বি) হাতত পৰাজিত হ’ল ডিফেণ্ডিং চেম্পিয়ন ৰোহিতৰ মুম্বাই ইণ্ডিয়ানছ।

মেচখনৰ অন্তিমটো বলত হাৰ্ষাল পেটেলে ১ৰাণ কৰি আৰচিবিক শিহৰণকাৰী বিজয় আনি দিয়ে।

আনহাতে, মেচখনত ৫টা উইকেট দখল কৰা আৰচিবিৰ  হাৰ্ষাল পেটেল মেন অফ দ্য মেচ নিৰ্বাচিত হয়।

খেলখনত মুম্বাই ইণ্ডিয়ানছৰ ৯উইকেটৰ বিনিময়ত কৰা ১৫৯ৰাণৰ প্ৰত্যুত্তৰত আৰচিবিয়ে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬০ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে। হাৰ্ষালে ৩টা বলত ৪ৰাণ কৰি অপৰাজিত হৈ ৰয়।

মুম্বাইৰ হৈ বুমৰাহে ২৬ৰাণ দি ২টা উইকেট দখল কৰাৰ বিপৰীতে জনছনে ২৮ৰাণত ২টা উইকেট আৰু ব’ল্টে ৩৬ৰাণৰ বিনিময়ত ১টা উইকেট দখল কৰে।

সেইদৰে ২৫ৰাণ দি এটা উইকেট দখল কৰে ক্ৰুণাল পাণ্ডিয়াই। কিন্তু চাহালে ৪৩ ৰাণ খৰচ কৰে যদিও কোনো উইকেট পাবলৈ সক্ষম নহ’ল।

ইপিনে, আৰচিবিৰ হৈ বেটিঙত ৱাশ্বিংটনে ১০, কোহলীয়ে ৩৩, ৰজতে, ৮, মেক্সৱেলে ৩৯, ডি ভিলিয়াৰ্ছে ৪৮ ৰাণ কৰে।

মুম্বাইৰ হৈ ক্ৰিছ লিয়নে ৪৯, সূৰ্যকুমাৰ যাদবে ৩১ আৰু ইশান কিষানে ২৮ৰাণৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়।