চামগুৰিৰ নীলাপানীত সন্ধানহীন হোৱা নুনমাটিৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ

Story-3-1-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি অঞ্চলৰ নীলাপানীৰ হ্ৰদত যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকা গুৱাহাটীৰ যুৱকজনৰ মৃতদেহটো আজি বিয়লি চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

নীলাপানী হ্ৰদত যোৱা ১১ তাৰিখ দেওবাৰে গুৱাহাটীৰ বামুণীমৈদামৰ পৰা ন জনীয়া যুৱকৰ দল এটাই বনভোজ খাবলৈ আহিছিল৷

বনভোজ খাবলৈ আহি নীলাপানী হ্ৰদত বন্ধুৰ সৈতে সাঁতুৰি থকাৰ অৱস্থাত গুৱাহাটী নুনমাটিৰ জয়ন্ত নগৰৰ সুভাষ কলিতাৰ পুত্ৰ বিকি কলিতা নামৰ যুৱকজন হ্ৰদটোত সন্ধানহীন হৈছিল৷

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে যোৱা তিনিদিন ধৰি উদ্ধাৰ অভিযান চলাইছিল যদিও বিকিৰ মৃতদেহ উদ্ধাৰ কৰাত বিফল হৈছিল৷

আজি নীলা পানীৰ হ্ৰদটোত একাংশ স্থানীয় লোকে মৃতদেহটো ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ  হ্ৰদটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।