দুলীয়াজানৰ চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ

ডিব্ৰুগড়ৰ জিলাৰ দুলীয়াজানৰ কঠালগুৰি চাহ বাগিচাত আজি এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হয়। আজি পুৱাই বাগিচাখনত কাম কৰা একাংশ শ্ৰমিকে প্ৰথমে মৃত নাহৰফুটুকী বাঘটোক প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে।

পিছত শ্ৰমিকসকলে বাগিচাৰ পৰিচালকক এই সম্পৰ্কে অৱগত কৰাত বাগিচাখনৰ পৰিচালকে বন বিভাগক খবৰ দিয়ে আৰু ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ চৰাইপুং ৰেঞ্জৰ বনকৰ্মীয়ে চাহ বাগিচাখনৰ মাজৰ পৰা মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰে।

বন বিভাগে আন বাঘৰ সৈতে লগা সংঘাটৰ ফলতেই নাহৰফুটুকীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।