খেতি পথাৰত উদ্ধাৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰৰ মৃতদেহ

ফটো : নৰ্থ-ইষ্ট নাও

যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ডৰ ৯ বছৰীয়া শিশুটিৰ মৃতদেহ আজি উদ্ধাৰ হয়।

নিৰুদ্দেশৰ বাতৰি ইতিমধ্যে বিভিন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত সকলোৱে বিচাৰ খোচাৰ কৰিছিল যদিও আজি এজন লোকে ওচৰৰে মাকৈ খেতিত কাম কৰিবলৈ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে লোকজনে ওচৰৰ লোকক খবৰ দিয়াত দুই চাৰি-জন লোক আহি মৃতদেহটো নিৰুদ্দেশ হোৱা শিশু ইমামুলৰ বুলি চিনাক্ত কৰে।

এই খবৰৰ পিছতে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰগোবিন্দ হালৈ উপস্থিত হয় ঘটনাস্থলত।

পিছত অভয়াপুৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াৰ লগতে আন আন বিভাগীয় বিষয়াসকল উপস্থিত হৈ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে সহিজ উদ্দিনৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত পুত্ৰ ইমামুল হক ঘৰৰ পৰা খেলিবলৈ গৈ যোৱা সোমবাৰে নিৰুদ্দেশ হৈছিল।

ইফালে ইমামুল হকৰ মৃত্যুৰ সঠিক তদন্ত কৰি দোষীক শাস্থি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।