কাজিৰঙাৰ বাগৰি বনাঞ্চলত নিৰুদ্দিষ্ট বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

hk

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বনশিৱিৰ এলেকাত দুদিন ধৰি নিৰুদিষ্ট হৈ থকী বনকৰ্মীৰ শুক্ৰবাৰৰ দিনা মৃতদেহ উদ্ধাৰ হয় ৷

বনাঞ্চলৰ এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে ৱাহিদুৰ ৰহমান নামৰ বনকৰ্মীজনৰ মৃতদেহ ৷

মঙলবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল ৱাহিদুৰ ৰহমানৰ ৷

বাগৰি বনাঞ্চলৰ আমকাঠনি বন শিবিৰৰ পৰা নিৰুৰ্দিষ্ট হৈছিল বনকৰ্মী জন।

যোৱা দুটা দিনত বনাঞ্চলৰ ভিতৰত বনকৰ্মী জনক বিচাৰি অভিযান চলাইছিল উদ্যান কৰ্তৃপক্ষই ৷

অভিযানত হাতী , ম’বাইল ট্ৰেকাৰ আৰু স্নীফাৰ ডগো ব্যৱহাৰ কৰিছিল কৰ্তৃপক্ষই ৷

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷