চলন্ত ৰে’লত হত্যা-ধৰ্ষণ: মেধাৱী ছাত্ৰীৰ পৰিয়ালে পালে ন্যায়,হত্যাকাৰী বিকাশ দাসক ফাঁচীৰ ৰায়

IMG-20191003-WA0033

আদালতে ফাঁচীৰ ৰায় প্ৰদান কৰা হত্যা তথা ধৰ্ষণকাৰী বিকাশ দাস। ফটো : নৰ্থইষ্ট নাও

ৰাজ্য কঁপোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ মেধাৱী ছাত্ৰী হত্যাকাণ্ডৰ চুড়ান্ত ৰায় আজি শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে।

যোৱা ২৭ ছেপ্টেম্বৰত আদালতে দোষী সাব্যস্ত কৰিছিল বিকাশ দাসক। আজি শিৱসাগৰ সত্ৰ ন্যায়ালয়ে হত্যাকাৰী বিকাশ দাসক ফাঁচীৰ হুকুম দিয়ে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আনজন ব্যক্তি বিপিন পাণ্ডেক ২৭ ছেপ্টেম্বৰত আদালতে নিৰ্দোষী ঘোষণা কৰিছিল।

উল্লেখ্য যে ২০১৮ বৰ্ষৰ ১০ জুলাইত তিনিচুকীয়া-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লৰ দিব্যাংগৰ বাবে সংৰক্ষিক ডবাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

আইতাকৰ ঘৰলৈ বুলি শিৱসাগৰৰ পৰা ৰে’লখনত উঠিছিল ছাত্ৰী গৰাকী। শিৱসাগৰৰ পৰা শিমলুগুৰিৰ মাজতে পথত সংঘটিত হৈছিল হত্যাকাণ্ডাটো।

শিমলুগুৰিত ৰে’লৰ শৌচালয়ত উদ্ধাৰ কৰা হৈছিল ছাত্ৰী গৰাকীৰ মৃতদেহ।

গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল দুৰ্ভগীয়া ছাত্ৰী গৰাকীক। হত্যাকাৰী বিকাশ দাসে হত্যাকাণ্ডৰ পাছত ধৰ্ষণ কৰিছিল ছাত্ৰীগৰাকীক।

ঠিক এদিনৰ পাছতেই একে পদ্ধতিৰে বিকাশ দাসে ফৰকাটিং ৰে’ল ষ্টেশ্যনত হত্যা কৰিছিল আন এগৰাকী মহিলাক।

দুয়োটা ঘটনাৰ সন্দৰ্ভত শিমলুগুৰি ৰে’ল আৰক্ষীয়ে ৬/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই ১২ জুলাইৰ নিশা বিপিন পাণ্ডে আৰু বিকাশ দাসক গ্ৰেপ্তাৰ কৰিছিল।

ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছ আই টি দলে বিকাশ দাস আৰু বিপিন পাণ্ডেক ১২ দিন জিম্মাত ৰাখি ৰিক্ৰিয়েশ্যন পদ্ধতিৰে হত্যাকাণ্ড কেনেদৰে হৈছিল তাৰ নাট্যৰূপ সমাপন কৰে।

হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ আদালত চলি আছিল আৰু আদালতে যোৱা ২৭ ছেপ্টেম্বৰত বিকাশ দাসক দোষী সাব্যস্ত কৰাৰ পাছত আজি তেওঁক ফাঁচীৰ ৰায় প্ৰদান কৰে।