ৱায়ানাডত মৃত্যুৰ উৎসৱ : ১৫৬ জনলৈ বৃদ্ধি পালে ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা
ধাৰাবাহিকভাবে হৈ থকা বৰষুণৰ ফলত মঙলবাৰে পুৱা কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলন হয়। এই ভূমিস্খলনত এতিয়ালৈ ১৫৬ গৰাকী লোকৰ মৃতদেহ উদ্ধা কৰা হৈছে।
ভূমিস্খলনৰ ঘটনাৰ পিছতেই এন ডি আৰ এফ আৰু সেনাকে ধৰি একাধিক সংস্থাক উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে।
উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। এতিয়াও বহুলোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মুণ্ডক্কাই, চৌৰলমালা, আট্টামালা, আৰু নুলপুজা গাঁওসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
নদীৰ পানীত ইতিমধ্যে বহু লোক উটি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় প্ৰশাসনে।
এই উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় নৌসেনাৰ এটি দলো ঘটনাস্থলীত উপস্থিত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে বাৰ্তালাপ কৰি সংকটৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো সহায়ৰ আশ্বাস দিয়ে।
ভূমিস্খলনত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। আহতসকলে লাভ কৰিব ৫০ হাজাৰ টকা।