অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই শুকুৰবাৰে কয় যে ৰাজ্য চৰকাৰে ‘অ’ছম আছাম’ বিজ্ঞাপন প্ৰচাৰ সন্দৰ্ভত কৰা বিত্তীয় লেনদেনৰ তথ্য ৰাজহুৱা কৰিব লাগে কিয়নো উক্ত কামত নিয়োজিত বিজ্ঞাপন সংস্থাটো কেলেংকাৰিত অভিযুক্ত হোৱাৰ কথা পোহৰলৈ আহিছে।
শইকীয়াই জানিব দিয়ে যে ‘’য়াপ এণ্ড ক্ৰেয়নছ এডভাৰটাইজমেন্ট এজেন্সি’’ৰ স্বত্ত্বাধিকাৰী অজয় চোপ্ৰা যোৱা বছৰ ৰাজস্থানৰ এক বহু কোটিটকীয়া বিজ্ঞাপন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰু এই সন্দৰ্ভত পাঁচটা গোচৰ আদালতত চলি আছে।
চৰকাৰে ইয়াৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে এখন অভিযুক্ত ফাৰ্মৰ সৈতে জড়িত হোৱাই নহয়, কিন্তু এতিয়া চুক্তিপত্ৰ অনুসৰি ‘’নিয়ম আৰু চৰ্ত’’ অনুযায়ী ফাৰ্মখনক আদায় দিয়া ধনৰ সম্পৰ্কত সদনত তথ্য দিবলৈও অস্বীকাৰ কৰিছে।
যদিওবা কোনো বিশেষ কামৰ বাবে কোনো ফাৰ্মক জড়িত কৰাৰ আগতে চৰকাৰে ইয়াৰ যোগ্যতাসমূহ পৰীক্ষা কৰি চোৱা উচিত, অসম চৰকাৰে কিন্তু এয়া হয়তো কৰা নাছিল অথবা কিবা ৰহস্যজনক কাৰণত ফাৰ্মখনৰ পূৰ্বৰ অভিজ্ঞতাৰ বিষয়টো অৱজ্ঞা কৰিছিল।
বিৰোধী দলপতি শইকীয়াই চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ‘’ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা’’ৰ প্ৰসংগ উনুকিয়াই দি এই বিষয়ত এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ বাবে আহ্বান জনায়।