NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ: ৮ আগষ্টত সংসদত বিতৰ্ক, ১০ আগষ্টত উত্তৰ দিব মোদীয়ে

August 1, 2023 1:37 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰায় তিনিমাহ সময় ধৰি অগ্নিগৰ্ভৰ পৰিস্থিতিয়ে বিৰাজ কৰা মণিপুৰক কেন্দ্ৰ কৰি শাসকীয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট INDIA ই দাখিল কৰা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত অহা ৮ আগষ্টৰ পৰা ১০ আগষ্টলৈ লোকসভাত বিতৰ্ক অনুষ্ঠিত হ’ব।

প্ৰকাশিত খবৰ অনুসৰি, ১০ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব। উল্লেখ্য যে, যোৱা ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়ো সদন মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ উত্তপ্ত হৈ আছে।

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নিৰুদ্বেগক লৈ বিৰোধীৰ ধাৰাবাহিক আক্ৰমণৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰে এই বিষয়ত সংসদত উত্ৰ দিবলৈ সাজু বুলি মন্তব্য কৰিছিল যদিও বিৰোধী দলসমূহে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী কৰি আহিছিল।

মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ অৱসান ঘটোৱাত কেন্দ্ৰীয় চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগত যোৱা ২৬ জুলাইত সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছিল। বিৰোধীৰ উমৈহতীয়া মঞ্চ ‘INDIA’ৰ অংশ হিচাপে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দাখিল কৰিছিল প্ৰস্তাৱ।

চৰকাৰৰ বিৰুদ্ধে তোলা এই অনাস্থা প্রস্তাৱ লোকসভাৰ অধ্যক্ষই গ্ৰহণ কৰাৰ পিছতে এই সন্দৰ্ভত বিতৰ্কৰ বাবে শীঘ্ৰেই তাৰিখ ঘোষণা কৰিব বুলি সদৰী কৰিছিল। অনাস্থা প্ৰস্তাৱৰ জৰিয়তে বিৰোধীয়ে সদনৰ মজিয়াত চৰকাৰৰ সংখ্যাগৰিষ্ঠতাক প্ৰত্যাহ্বান জনাব পাৰে।

যদিহে সংসদত অনাস্থা প্ৰস্তাৱ গৃহীত হয়, তেতিয়া মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পতন ঘটিব। লক্ষণীয়ভাৱে ৫৪৩ জনীয়া লোকসভাত বৰ্তমান শাসকীয় এন ডি এৰ শক্তি ৩৩১। আনহাতে বিৰোধী INDIA মিত্ৰজোঁটৰ ১৪৪ গৰাকী সদস্য আছে সদনত।

বিৰোধীৰ ওচৰত ফ্ল’ৰ টেষ্টত জয়ী হ’ব পৰাকৈ সংখ্যা নাই যদিও অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত মণিপুৰ বিষয়ত চৰকাৰক শলঠেকত পেলাই জয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে বিৰোধীয়ে।

Related News