ভূটান সীমান্তৰ ডেলাইশ্ৰী বনভোজস্থলী আনুষ্ঠানিক ভাৱে মুকলি

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত- ভূটান সীমান্তত অৱস্থিত ডেলাইশ্ৰী বনভোজস্থলী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে।

নাৰ্জাৰীৰ লগত উপস্থিত থাকে বিজেপি নেতা তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বনপালক বীৰেন্দ্ৰ নাথ বড়ো, দৰঙা এছ এছ বি শিৱিৰৰ বিষয়াৰ উপৰিও ডেলাইশ্ৰী বনভোজস্থলী পৰিচালনা সমিতিৰ বিষয়ববীয়া, বগাজুলি- কালিপুৰ ডোং কমিটীৰ বিষয়ববীয়া সকল।

ডেলাইশ্ৰী বনভোজস্থলী উদ্বোধন উপলক্ষে আয়োজন কৰা সভাখনত বিজিত গৌৰা নাৰ্জাৰীয়ে কয়- বিগত দুটা বছৰে কোভিদৰ কাৰণে বনভোজলৈ অহা প্ৰায় বন্ধ হৈ আছিল।

পৰিবেশ সুস্থিৰ হৈ থাকিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ মানুহ নিশ্চয় আহিব। বনভোজস্থলী সমুহৰ বিশেষকৈ বোৱতী নদী, খোৱাৰ উপযুক্ত খোৱাপানী শৌচালয় আদিৰ সুবিধাৰ প্ৰয়োজন।

ভূটানৰ উদ্যোগ সমূহত যথেষ্ট পানী ব্যৱহাৰ কৰা বাবে কালানদীত পানীৰ পৰিমাণ যথেষ্ট কমি গৈছে বাবে পানীৰ কিছু সমস্যা হৈছে।

সভাখনত পৰ্যাটন বিভাগৰ মন্ত্ৰী আৰু স্থানীয় বিধায়ক জলেন দৈমাৰী উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণ উপস্থিত থাকিব পৰা নাছিল। কিন্তু সভাখনত উপস্থিত থকা বিজেপি নেতা প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে তেখেতৰ ভাষণত কয়- এনে কোনো সমস্যা নাই যে যাক সমাধান কৰিব নোৱাৰি।

ভাৰত-ভূটান সীমান্তত জলসিঞ্চনৰ ব্যৱস্থাৰ বাবে কালানদীৰ বুকুত তিনি লক্ষাধিক টকা ব্যয় কৰি এটি বান্ধ নিৰ্মাণ কৰা হৈছিল।

বৰ্তমান বান্ধটোৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হ’ব পৰা নাই বুলি ৰাইজে কৰা অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰি তেওঁ আৰু কয়- ভূটান চৰকাৰৰ সৈতে আলোচনা কৰি কৃষক ৰাইজ উপকৃত হ’ব পৰাকৈ কৃষি পথাৰলৈ পানী বোৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগিব।

মোছাহাৰীয়ে আৰু কয়- সকলো কৃষক ৰাইজে এতিয়া নৈ, দোং আদিৰ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ সময় নাই। গভীৰ নলী নাদৰ ব্যৱস্থা কৰিব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে।