তিৱা জনগোষ্ঠীৰ পাঁচটা সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালক

index.jpg

সদৌ তিৱা ছাত্ৰ স্থাৰ নেতৃত্বত তিৱা জনগোষ্ঠীৰ পাঁচটা সংগঠনৰ প্রতিনিধি দলে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেখেতৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সাক্ষাৎকালত প্রতিনিধি দলটোৱে তিৱা গাঁওসমূহক আছাম ষ্টেট কেপিটেল ৰিজনৰ আওতাৰ বাহিৰত ৰখাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়।

উল্লেখ্য যে গুৱাহাটীক গুৰুত্বপূৰ্ণ আন্তর্জাতিক ব্যৱসায় বাণিজ্যৰ স্থলী হিচাপে পৰিগণিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৬ বৰ্ষৰ ১৫ আগষ্টত প্রদান কৰা ভাষণত আছাম ষ্টেট কেপিটেল ৰিজন গঠনৰ কথা ঘোষণা কৰিছিল।

সেই মৰ্মে আছাম ষ্টেট কেপিটেল ৰিজন ডেভলপমেন্ট অথ’ৰিটি এক্ট-২০১৭ শীৰ্ষক এখন আইন অনুমোদন জনোৱা হৈছিল।

সাক্ষাৎকালত প্রতিনিধি দলটোৱে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ আওতাৰ পৰা বাহিৰত থকা ১২৪ খন তিৱা গাঁৱক এই পৰিষদৰ আওতাৰ ভিতৰলৈ আনিবলৈ অনুৰোধ জনায়।

প্রতিনিধি দলটোৱে লগতে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমাৰ পুনৰনিৰ্দ্ধাৰণৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগঠন কেইটাৰ প্রতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহ উপযুক্তভাৱে বিচাৰ-বিবেচনা কৰি বিষয়সমূহৰ আশু সমাধানৰ পদক্ষেপ লোৱা হ’ব বুলি প্রতিনিধি দলটোক আশ্বাস প্রদান কৰে।

আজিৰ এই সাক্ষাতৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে।