আইপিএলত পৃথ্বী-ৰাবাডাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দিল্লীয়ে ৪৪ৰাণত পৰাজিত কৰিলে ধোনী বাহিনীক

648860

দিল্লী কেপিটেলছে তেওঁলোকৰ দলবদ্ধ প্ৰদৰ্শনৰ ফলত চলিত আইপিএলত দ্বিতীয়টো বিজয় সাৱ্যস্ত কৰিলে।

কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনত ছুপাৰ অ’ভাৰত বিজয় সাৱ্যস্ত কৰা দিল্লীয়ে দ্বিতীয়খন মেচত  চেন্নাই ছুপাৰ কিংছক ৪৪ৰাণত পৰাজিত কৰে।

দিল্লীৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে দিল্লীৰ এই বিজয়ত বৰঙণি যোগায়। কিন্তু বেটিঙত পৃথ্বি শ্ব আৰু বলিঙত কাগিছো ৰাবাডাই বিশেষ কৃতিত্ব লাভৰ যোগ্য।

দলৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে পৃথ্বীয়ে। আনহাতে, শিখৰ ধাৱান, ঋষভ পন্ট, শ্ৰেয়াস আয়াৰৰ দৰে খেলুৱৈয়ে যথাযথ প্ৰদৰ্শন আগবঢ়ায়।

ইপিনে, ৰাবাডাই নেতৃত্ব দিয়া দিল্লীৰ বলিং বিভাগত ৰাবাডাৰ উপৰি অক্ষৰ পেটেল, এনৰিছ, অমিত মিশ্ৰই তেওঁলোকৰ প্ৰদৰ্শন যথাযোগ্যভাৱে দাঙি ধৰে। অৱশ্যে, আৱেশ খান কিছু খৰচী বিবেচিত হয়।

টছত জিকি প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৩ উইকেটৰ বিনিময়ত ১৭৫ৰাণ কৰে।

দলৰ হৈ পৃথ্বী শ্বই ৬৪ৰাণ, শিখৰ ধাৱানে ৩৫ৰাণ আৰু শ্ৰেয়াস আয়াৰে ২৬ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে ঋষভ পন্টে ৩৭ৰাণ আৰু ষ্টাইনিছে ৫ৰাণ কৰি অপৰাজিত হৈ ৰয়।

চেন্নাইৰ হৈ পীযুষ চাওলাই ৩৩ৰাণ দি ২টা উইকেট দখল কৰে। ছাম কাৰানে ২৭ৰাণত এটা উইকেট লাভ কৰে।

আনহাতে, বেট কৰিবলৈ নামি চেন্নাই ২০ অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ১৩১ৰাণহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ ডুপ্লেছিয়ে সৰ্বাধিক ৪৩ৰাণ কৰে।

আন বেটছমেনসকলৰ ভিতৰত কেডাৰ যাদবে ২৬ৰাণ, ধোনীয়ে ১৫ৰাণ, ৱাটছনে ১৪ৰৰাণ, ৰবীন্দ্ৰ জাডেজাই ১২ আৰু মুৰলী বিজয়ে ১০ ৰাণ কৰে।

দিল্লীৰ হৈ ৰাবাডাই ২৬ৰাণৰ বিনিময়ত ডুপ্লেছি, ধোনী আৰু জাডেজাৰ মূল্যবান উইকেট তিনিটা দখল কৰে। এনৰিছে দুটা আৰু অক্ষৰ পেটেলে এটা উইকেট দখল কৰে।

পৃথ্বী শ্বক মেন অফ দ্য মেচৰ সন্মান আগবঢ়োৱা হয়।