দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল অসুস্থ; কৰা হ’ব কৰ’না টেষ্ট

delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal-750x375

অৰবিন্দ কেজৰিৱাল। ফাইল ফটো

দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে। তেওঁ কালিৰে পৰা সামান্য জ্বৰ আৰু ডিঙিৰ বিষত ভূগিছে।

এতিয়া তেওঁৰ কৰ’না টেষ্ট কৰা হ’ব বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, মুখ্য মন্ত্ৰীগৰাকীয়ে কালি দুপৰীয়াৰে পৰা সকলো বৈঠক বাতিল কৰিছে আৰু কাকোৱে সাক্ষাৎ কৰা নাই।

তেওঁ বৰ্তমান নিজকে আইছ’লেট কৰি ৰাখিছে।

উল্লেখ্য যে কালিয়েই দিল্লীৰ কেজৰিৱাল চৰকাৰে হাস্পাতলসমূহ ভাগ কৰি দিছিল।

দিল্লী চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দিল্লীৰ চৰকাৰীয়েই হওক বা ব্যক্তিগত হাস্পাতালেই হওক তাত কেৱল দিল্লীৰ লোকৰহে চিকিৎসা কৰা হ’ব।

আনহাতে, দিল্লীত থকা কেৱল কেন্দ্ৰীয় চৰকাৰৰ হাস্পাতলতহে বাহিৰৰ লোকৰ চিকিৎসা হ’ব।

মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে নিজেই কালি এই কথা ঘোষণা কৰিছিল।

ডাঃ মহেশ বাৰ্মা কমিটিয়ে দিল্লী চৰকাৰক উক্ত পৰামৰ্শ আগবঢ়াইছিল।

এইক্ষেত্ৰত দিল্লী চৰকাৰে দিল্লীবাসীৰ মতামতো গ্ৰহণ কৰিছিল আৰু দিল্লীবাসীৰ মতামতৰ ওপৰতে চৰকাৰখনে এই সিদ্ধান্ত চূড়ান্ত কৰে।

দিল্লীত বৰ্তমান মুঠ কৰ’না ৰোগীৰ সংখ্যা ২৭ হাজাৰ ৬৫৪জন আৰু এতিয়ালৈকে ৭৬১জন লোকৰ মৃত্যু হৈছে।

বিগত ২৪ ঘন্টাত দিল্লীত ১৩২০টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে।