আপৰ অসম ৰাজ্যিক কমিটিৰ ঘোষণা : নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ নাহে অৰবিন্দ কেজৰিৱাল

আঞ্চলিক দলসমূহে ‘কা’ বিৰোধিতা কৰি চৰকাৰ বনালেও ‘কা’ বাতিল কৰিব নোৱাৰে : আপ

IMG-20210303-WA0011

নিৰ্বাচন আয়োগে ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।

ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰা সময়তে সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰিছিল যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালে অসমত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব।

কিন্তু আপৰ অসম ৰাজ্যিক কমিটিয়ে এক সংবাদমেল যোগে বুধবাৰে স্পষ্ট কৰি দিছে যে অৰিবন্দ কেজৰিৱালে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাহে।

আনহাতে দলটোৱে এইবাৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও বুধবাৰৰ সংবাদমেলত সদৰী কৰিছে।

“বিধানসভা নিৰ্বাচন সমাগত যদিও এইবাৰ আম আদমি পাৰ্টিয়ে নিৰ্বাচন নেখেলে”, দিছপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলত এইদৰে কয় আপৰ অসম ৰাজ্যিক সমন্বয়ক ড° ভবেন চৌধুৰীয়ে।

চৌধুৰীয়ে আৰু কয় “অসমৰ কেইবাটাও ৰাজনৈতিক দলে আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেখেতসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিমন্ত্ৰণ কৰিছে।”

এই সম্পৰ্কত আপৰ অসমৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ লগত যোগাযোগ অব্যাহত ৰাখিলেও অৰবিন্দ কেজৰিৱালে অসমলৈ প্ৰচাৰ চলাবলৈ অহাৰ কোনো সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে ড০ চৌধুৰীয়ে।

এইবাৰ নিৰ্বাচনত আপে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় “এইবাৰ আপ-এ নিৰ্বাচন নেখেলে। ৫০টা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছিল যদিও এইবাৰ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নকৰে।”

ইপিনে, আঞ্চলিক দলসমূহে ‘কা’ বিৰোধিতা কৰি চৰকাৰ গঠন কৰিলেও ‘কা’ বাতিল কৰিব নোৱাৰে বুলি চৌধুৰীয়ে দাবী কৰে।