ক’ৰ’না প্রতিৰোধ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে পাঁচটা পৰিকল্পনা

delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফাইল ছবি

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই আছে। দেশৰ ৰাজধানী দিল্লীতো ক’ৰ’নাই ব্যাপকৰূপত সংক্ৰমিত হোৱা দেখা গৈছে।

তেনে এক সন্ধিক্ষণতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত ক’ৰ’না সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ আজি ঘোষণা কৰিছে পাঁচখন আঁচনি।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে কয় যে, আগ্ৰাসী ক’ৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ অন্যতম উপায় হৈছে স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা। দিল্লীৰ চৰকাৰে ক’ৰ’না ভাইৰাছৰ হটস্পটৰূপে চিহ্নিত দিলশ্বাদ গাৰ্ডেন আৰু নিজামুদ্দিনত যুদ্ধকালীন তৎপৰতাৰে ১ লাখ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰিব।

স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰাৰ পিছত ক’ৰ’নাত আক্ৰান্ত হোৱাসকলৰ সংস্পৰ্শলৈ অহা লোকসকলক চেল্ফ কোৱাৰেণ্টাইন কৰা হ’ব। তেওঁলোকৰ চেল্ফ-কোৱাৰাণ্টেইন দিল্লী আৰক্ষীয়ে নিশ্চিতি কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এলএনজেপি, জিবি পান্ত আৰু ৰাজীৱ গান্ধী হাস্পতালত ২,৯৫০ খন বিচনা কেৱল ক’ৰ’না আক্ৰান্তৰ চিকিৎসাৰ বাবে সাজু কৰি ৰখা হৈছে। তাত আন কোনো ৰোগীৰ চিকিৎসা কৰা নহ’ব। তেওঁ লগতে আৰু কয় যে কিছুমান ব্যক্তিগত খণ্ডৰ হাস্পতালতো ক’ৰ’নাক্ৰান্তক চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হৈছে।

এই মাৰাত্মক ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ঐক্যৱদ্ধভাৱে কাম কৰা প্ৰয়োজন। মই সুখী যে সকলোবোৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ঐক্যৱদ্ধতাৰে কাম কৰিছে। আমি অন্য ৰাজ্যপৰা শিকিছো। চিকিৎসক আৰু নাৰ্ছসকল এই দলৰ ছাবিকাঠি। মুখ্যমন্ত্ৰী কেজৰিৱালে কয়।

দিল্লী চৰকাৰে ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে এই সকলোবোৰ ব্যৱস্থা অতি সক্ৰিয় আৰু সুক্ষ্মতাৰে তদাৰক আৰু নিৰীক্ষণ কৰিব।