NORTHEAST NOW (Assamese)

ক’ৰ’না নিয়ন্ত্ৰণত ব্যৰ্থ দিল্লী চৰকাৰ : কেজৰিৱাল চৰকাৰক ভৰ্ৎসনা সৰ্বোচ্চ ন্যায়ালয়ৰ

June 13, 2020 2:56 pm · এন ই নাও নিউজ
Updated: June 13, 2020 9:08 pm

দেশৰ ৰাজধানী দিল্লীত ক্ৰমাৎ নিয়ন্ত্ৰহীন হৈ পৰিছে ক’ৰ’নাৰ সংক্ৰমণ।

ক’ৰ’নাকেন্দ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ভৰ্ৎসনা কৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰক।

ক’ৰ’নাক্ৰান্ত ৰোগীয়ে উপযুক্ত চিকিৎসা নোপোৱা, মৃতদেহ সৎকাৰৰ চৰম ব্যৱস্থাহীনতাৰ আদি অভিযোগ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি অশোক ভূষণৰ নেতৃত্বাধীন তিনি সদস্যৰ খণ্ড বিচাৰপীঠে আজি পৰ্যবেক্ষণ কৰি দিল্লী চৰকাৰক এইদৰে ভৰ্ৎসনা কৰে।

উল্লেখ্য যে দেশত ক’ৰ’নাক্ৰান্ত সংখ্যাৰ তালিকাত দিল্লী তৃতীয় স্থানত আছে।

দিল্লীত প্ৰতিদিনে গড়ে প্ৰায় ডেৰ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আজিৰ দিনটোত দিল্লীত ২,১৩৭ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭১ জন আক্ৰান্তৰ।

এনে এক পৰিস্থিতিত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতিত্ৰয়ে পৰ্যবেক্ষণ কৰি দিল্লীৰ চিকিৎসালয়ৰ ক’ৰ’না চিকিৎসাৰ ব্যৱস্থা অতি বিম্ন মানৰ বুলি অভিহিত কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ মতে দিল্লীত ক’ৰ’নাক্ৰান্তই চিকিৎসালয়ত ভৰ্তি হ’বলৈ দৌৰা-দৌৰি কৰিব লগা হৈছে অথচ চিকিৎসালয়সমূহত ৰোগীৰ বাবে পৰ্যাপ্ত বিচনা নাই।

চিকিৎসালয়ৰ পৰিকাঠামো গঢ়ি তোলাৰ লগতে বিচনাৰ সংখ্যাও বৃদ্ধি কৰিবলৈ দিল্লী চৰকাৰক পৰামৰ্শ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

সৰ্বোচ্চ ন্যায়ালয়ে আৰু কয় যে দিল্লীত ক’ৰ’না ৰোগী মৃত্যু হোৱাৰ পিছত সঠিকভাৱে সৎকাৰ কৰা হোৱা নাই। আনকি মৃতকৰ পৰিয়ালকো জনোৱা হোৱা নাই।

আনকি মৃতকৰ সঠিক সংখ্যা দিয়া নাই বুলিও অভিযোগ উত্থাপিত হৈছে দিল্লী চৰকাৰৰ বিৰুদ্ধে। দিল্লীৰ বিজেপি শাসিত তিনিখন পৌৰসভাত ক’ৰ’নাক্ৰান্ত মৃতকৰ সংখ্যা ২০৯৮ হোৱাৰ বিপৰীতে দিল্লী চৰকাৰৰ প্ৰকাশিত সংখ্যাটো হৈছে ১০৮৫ গৰাকী।

মৃতকৰ হাজাৰৰো অধিক সংখ্যাৰ ব্যৱধানকলৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে দিল্লী চৰকাৰৰ বিৰুদ্ধে।

ইপিনে কোভিড টেষ্ট কমোৱাকলৈও কেজৰিৱাল চৰকাৰক প্ৰশ্ন কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে উপসৰ্গ তথা লক্ষণহীন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলি কিছুদিন পূৰ্বে কেজৰিৱালে মন্তব্য কৰিছিল।

‘মুম্বাই-চেন্নাই দৰে মহানগৰে দৈনিক কোভিড টেষ্টৰ সংখ্যা ১৬ৰ পৰা ১৭ হাজাৰলৈ বৃদ্ধি কৰাৰ সময়ত দিল্লী চৰকাৰে কিয় ৬-৫ হাজাৰলৈ কমালে কোভিড পৰীক্ষা?’ এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ।

Related News