NORTHEAST NOW (Assamese)

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

May 14, 2025 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 14, 2025 8:40 pm

দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দান। বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্ন ল’বলৈ চাকৰি এৰা মাতৃ জীৱিকাৰ অধিকাৰ প্ৰদান কৰিলে। জীৱিকাৰ পৰিমাণ নিৰ্ধাৰণৰ সময়ত পত্নীৰ উপাৰ্জনৰ ক্ষমতা নহয়, তেওঁৰ আৰ্থিক প্ৰয়োজনীয়তাকহে বিবেচনা কৰা উচিত বুলি মন্তব্য কৰে ন্যায়ালয়ে।

শেহতীয়াকৈ এজন ব্যক্তিয়ে জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ২০২৩ চনত বিবাহ বিচ্ছেদৰ পিছত জিলা আদালতে তেওঁক পত্নী আৰু ছবছৰীয়া সন্তানৰ ভৰণ-পোষণৰ বাবে নিৰ্দেশ দিছিল। আবেদন কৰিছিল যে তেওঁ প্ৰতিমাহে ১০-১৫ হাজাৰ টকা উপাৰ্জন কৰে, কিন্তু তেওঁৰ পত্নী উচ্চ শিক্ষিত আৰু পূৰ্বতে ৪০-৫০ হাজাৰ টকাৰ দৰমহাৰ চাকৰি কৰিছিল, যিটো পিছত এৰিছিল।

২০১৬ চনত বিবাহপাশত আবদ্ধ এই দম্পতীয়ে ২০১৭ চনৰ পৰা পৃথকে বাস কৰিছিল। পত্নীয়ে স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল, আনহাতে স্বামীয়ে পত্নী আৰু সন্তানৰ সৈতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। স্বামীৰ অধিবক্তাই যুক্তি দিছিল যে পত্নী উপাৰ্জনৰ ক্ষমতা থকা বাবে তেওঁক ভৰণ-পোষণৰ প্ৰয়োজন নাই আৰু জিলা আদালতৰ নিৰ্দেশ মানি চলি তেওঁ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। ইপিনে, পত্নীৰ অধিবক্তাই কয় যে স্বামী আৰ্থিকভাৱে সচ্ছল আৰু পেছাৰ বাহিৰেও তেওঁৰ উপাৰ্জন আছে। পত্নীয়ে সন্তানৰ যত্নৰ বাবে শিক্ষকতাৰ চাকৰি এৰিবলৈ বাধ্য হৈছিল, কাৰণ ঘৰৰ ওচৰত উপযুক্ত চাকৰি নাপালে আৰু অকলশৰীয়া অভিভাৱক হিচাপে সন্তানৰ প্ৰতি দায়িত্ব পালন কৰি আহিছে।

আদালতে পত্নীৰ যুক্তিক গুৰুত্ব দি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতিৰে জীৱিকাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশে কয় যে পত্নীয়ে স্বেচ্ছাই চাকৰি এৰা নাছিল, বৰং সন্তানৰ যত্নৰ প্ৰয়োজনীয়তাই তেওঁক বাধ্য কৰিছিল। ফলত স্বামীয়ে প্ৰাক্তন পত্নী আৰু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব। আদালতে স্বামীক প্ৰতিমাহে পত্নীৰ বাবে ৭,৫০০ টকা আৰু সন্তানৰ বাবে ৪,৫০০ টকা প্ৰদানৰ নিৰ্দেশ দিয়ে। এই ৰায়ে সন্তানৰ যত্নৰ বাবে মাতৃৰ ত্যাগক গুৰুত্ব দি জীৱিকাৰ অধিকাৰক সুনিশ্চিত কৰিছে।

Related News