ভাৰতৰ ৯টা বিমানবন্দৰত কাৰ্গো আৰু গ্ৰাউণ্ড হেণ্ডলিং বা পৰিচালনাৰ কামত জড়িত তুৰ্কীৰ কোম্পানী ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড’ৰ যাত্ৰা সমাপ্ত হোৱাৰ দিশে। দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে এই তুৰ্কী বিমানবন্দৰ পৰিচালনা কোম্পানী চেলেবিৰ আবেদন। ভাৰত-পাক সংঘাতৰ মাজত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ ৯টা বিমানবন্দৰত কাৰ্গো আৰু গ্ৰাউণ্ড হেণ্ডলিংৰ সৈতে জড়িত চেলেবিৰ ‘চিকিউৰিটি ক্লিয়াৰেন্স’ বাতিল কৰিছিল। এই সিদ্ধান্তৰ বিৰোদ্ধে তুৰ্কী কোম্পানীয়ে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। কিন্তু সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ এই সিদ্ধান্তত হস্তক্ষেপৰ বাবে কৰা আবেদন খাৰিজ কৰে।
তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানৰ চৰকাৰৰ বিৰুদ্ধে ‘অপাৰেচন চিণ্ডুৰ’ৰ সময়ত পাকিস্তানী সেনাক সহায় কৰাৰ অভিযোগ উঠিছিল। এই পৰিস্থিতিত কেন্দ্ৰই মে’ মাহত চেলেবিৰ সৈতে কাৰ্গো আৰু গ্ৰাউণ্ড হেণ্ডলিংৰ চুক্তি বন্ধ কৰে। চেলেবিয়ে দিল্লী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰি কয় যে নতুন দিল্লীয়ে কোনো জাননী অবিহনে একপক্ষীয়ভাৱে চুক্তি বাতিল কৰিছে। আবেদনকাৰীৰ হৈ অধিবক্তা মুকুল ৰোহাটগীয়ে কয় যে এই হঠাৎ বাতিলৰ ফলত ৩৭৯১ জন কৰ্মচাৰীৰ চাকৰি যাব আৰু কোম্পানীৰ বিনিয়োগকাৰীৰ মনোবলত প্ৰভাৱ পৰিব। তেওঁ উল্লেখ কৰে যে বিগত ১৭ বছৰ ধৰি চেলেবিয়ে কোনো অভিযোগ অবিহনে ভাৰতৰ বিমানবন্দৰত গ্ৰাউণ্ড হেণ্ডলিংৰ দৰে সেৱা প্ৰদান কৰি আহিছে।
ইফালে কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটি (বিচিএএছ)য়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে। তেওঁ কয়, ‘কিছু তথ্যৰ ভিত্তিত আমি ক’ব পাৰো যে বৰ্তমান পৰিস্থিতিত এই কোম্পানীৰ সেৱা অব্যাহত ৰখাটো বিপদজনক হ’ব পাৰে।’ ন্যায়াধীশ শচীন দত্তই উভয় পক্ষৰ যুক্তি শুনি ২৩ মে’ত এই ৰায় সংৰক্ষিত কৰিছিল। সোমবাৰে তেওঁ চেলেবিৰ আবেদন নাকচ কৰি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত আদালত হস্তক্ষেপ নকৰে।