বিবাহিত জীৱনত স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ বাধ্য কৰাটো মানসিক নিৰ্যাতন। এই ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ। আদালতৰ মতে, যদি কোনো স্বামীক পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে পৃথক কৰাৰ চেষ্টা কৰিলে সংসাৰ ভাঙি যাব পাৰে।
এটা গোচৰৰ শুনানিৰ সময়ত এই ৰায় দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে। বাতৰি অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল ক্ষেত্ৰপাল আৰু হৰিশ বৈদ্যনাথন শংকৰৰ বিচাৰপীঠে ১৬ ছেপ্টেম্বৰত এই ৰায়দান কৰিছে। শুনানিত ৰায়দান কৰোতে বিচাৰপীঠে কয় যে উচ্চতম ন্যায়ালয়েও এই কথা আগতেই কৈছিল।
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৈছিল যে যদি এগৰাকী পত্নীয়ে স্বামীক পিতৃ-মাতৃৰ পৰা পৃথক কৰিবলৈ অহৰহ চেষ্টা কৰে তেন্তে ইয়াক মানসিক নিৰ্যাতন বুলি গণ্য কৰা হ’ব।
এই ৰায়দান দিওঁতে দিল্লী উচ্চ ন্যায়ালয়েও নিজস্ব পৰ্যবেক্ষণো দাঙি ধৰিছে। আদালতে কয় যে কেৱল পৃথক হোৱাৰ ইচ্ছা নিৰ্যাতন নহয়। কিন্তু যদি বাৰে বাৰে স্বামীক পিতৃ-মাতৃ বা পৰিয়ালৰ পৰা পৃথক কৰিবলৈ হেঁচা দিয়া হয়, তেন্তে ইয়াক মানসিক নিৰ্যাতন বুলি গণ্য কৰা হ’ব।
এই পৰ্যবেক্ষণৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীৰ গোচৰত পৰিয়াল আদালতৰ বিবাহ বিচ্ছেদৰ নিৰ্দেশক বাহাল ৰাখিছে। আদালতে পত্নীৰ আৱেদন খাৰিজ কৰা বুলিও জানিবলৈ দিয়ে। কাৰণ ইয়াৰ দ্বাৰা স্বামীৰ অভিযোগৰ সত্যতা প্ৰমাণিত হৈছে।
উল্লেখ্য যে পত্নীয়ে যৌথ পৰিয়ালত থাকিব নিবিচাৰে বুলি উল্লেখ কৰিছিল। এইদৰে তেওঁ স্বামীক পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। স্বামীয়েও বিধৱা মাতৃ আৰু বিবাহ বিচ্ছেদ হোৱা ভগ্নীৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। একে সময়তে মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ লগত বেয়া আচৰণ কৰিছে। এই সন্দৰ্ভত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰে। কিন্তু এই গোচৰত আদালতত স্বামীয়ে পৰ্যাপ্ত প্ৰমাণ দিবলৈ সক্ষম হৈছিল।
আদালতে কয় যে পত্নীৰ এই আচৰণ মানসিক নিৰ্যাতনৰ সমান। আদালতৰ মতে, বৈবাহিক জীৱনত সৰু সৰু মতানৈক্যক স্বাভাৱিক ঘটনা বুলি ধৰিব পাৰি। কিন্তু পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰাৰ অবিৰত প্ৰচেষ্টা থাকিলে মানসিক যন্ত্ৰণাৰ সৃষ্টি হয়। সেয়া কোনেও সহ্য কৰাটো সম্ভৱ নহয়।