বিদেশত গৈ আশ্ৰয় লৈ থকা মষ্ট ৱান্টেড গেংগষ্টাৰক বিদেশতেই গৈ ধৰিলে দিল্লী আৰক্ষীয়ে। মঙলবাৰে দিল্লী আৰক্ষীয়ে সদৰী কৰিছে এই কথা।
কেইবাটাও অপৰাধ সংঘটিত কৰা গেংষ্টাৰটোক দিল্লী আৰক্ষীৰ বিশেষ কোষ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)এ মেক্সিকোত গৈ গ্ৰেপ্তাৰ কৰিছে।
এই দুধৰ্ষ গেংষ্টাৰটোৰ নাম দীপক বক্সাৰ। জানিব পৰা মতে দীপকৰ ঘৰ হাৰিয়ানৰ গনাউৰ গাঁৱত। দীপক দীৰ্ঘদিন ধৰি আৰক্ষীৰ পঞ্জীত ‘মষ্ট ৱাণ্টেড’ হিচাপে তালিকাভুক্ত হৈ আছিল।
যোৱা বছৰ নতুন দিল্লীৰ ৰোহিনী আদালত চৌহদত জিতেন্দ্ৰ গগীক হত্যা কৰাৰ পিছত জিতেন্দ্ৰ গগীৰ দলটোৰ নেতৃত্ব দিছিল দীপকে। ইয়াৰ পূৰ্বে ২০১৬ চনত গগীক দিল্লী আৰক্ষীৰ জিম্মাত পৰা পলায়ন কৰাত সহায় কৰিছিল দীপকে। আন এক গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দলৰ সৈতেও সম্পৰ্ক আছিল দীপকৰ।
ইতিমধ্যেই আৰক্ষীয়ে দীপকৰ মূৰৰ বাবদ ৩ লাখ টকা ঘোষণা কৰিছিল।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি অহা ১–২ দিনৰ ভিতৰত দীপকক মেক্সিকোৰ পৰা ভাৰতলৈ অনা হ’ব।
আৰক্ষীৰ সূত্ৰ অনুসৰি দীপকৰ হাতত আছিল মোৰাদাবাদৰ বাসিন্দা ৰবি আণ্টিলৰ নামৰ ভুৱা পাছপ’ৰ্ট। সেই পাছপ’ৰ্টৰ সহায়ত চলিত বৰ্ষৰ ২৯ জানুৱাৰীত তেওঁ কলকাতাৰ পৰা বিমানেৰে মেক্সিকো লৈ গৈছিল। ২০১৮ চনৰ পৰা পলাতক হৈ থকা দীপক ২টা হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে।