NORTHEAST NOW (Assamese)

Monkeypox Case দিল্লীত পঞ্চমগৰাকী মাংকি পক্সত আক্ৰান্ত ৰোগী চিনাক্ত, ভ্ৰমণ কৰিছিল নাইজেৰিয়া

August 13, 2022 7:06 pm · এন ই নাও নিউজ,গুৱাহাটী

বিশ্বত শেহতীয়াকৈ ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্সত আজি পুনৰ আক্ৰান্ত হ’ল আন এগৰাকী ব্যক্তি।। ৰাজধানী চহৰ নতুন দিল্লীত আজি পঞ্চমগৰাকী মাংকি পক্সত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হয়।

আক্ৰান্ত ব্যক্তিগৰাকী এগৰাকী ২২ বছৰীয়া আফ্ৰিকান মহিলা বুলি জানিব পৰা গৈছে। চৰকাৰী সূত্ৰই শনিবাৰে এই কথা নিশ্চিত কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে এমাহ আগতে নাইজেৰিয়া ভ্ৰমণ কৰিছিল।
শৰীৰত মাংকি পক্সৰ লক্ষণে দেখা দিয়াৰ পিছত তেওঁক দুদিন আগতে এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু শুকুৰবাৰে নিশা তেওঁৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাইছিল। মাংকি পক্সত আক্ৰান্ত উক্ত মহিলাগৰাকী হৈছে দেশৰ ৰাজধানী চহৰ খনৰ দ্বিতীয় গৰাকী মহিলা।

ইয়াৰ পূৰ্বে দুগৰাকী মহিলাসহ চাৰিজন লোকক মাংকি পক্সৰ চিকিৎসাৰ বাবে এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এজন ৰোগীক চিকিৎসালয়ৰ পৰা পৰা অব্যাহতি দিয়া হৈছে।

উল্লেখ্য জুন মাহতো ৰাজধানী দিল্লীত এজন লোক মাংকিপক্সত আক্ৰান্ত হৈছিল। নাইজেৰিয়াৰ এজন ৩৫ বছৰীয়া নাগৰিকৰ শৰীৰত মাংকিপক্স সংক্ৰমণৰ ধৰা পৰা পিছতেই কেন্দ্ৰই পুনৰ দিল্লী চৰকাৰ আৰু ৰাজধানীৰ বিমানবন্দৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিছিল।

সংক্ৰমিত ৰোগীজনক দিল্লীৰ চৰকাৰী এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ৰোগীজনে দাবী কৰিছিল যে তেওঁ শেহতীয়াকৈ বিদেশ ভ্ৰমণ কৰা নাছিল। পাঁচ দিন ধৰি তেওঁৰ শৰীৰত ফোঁহা, জ্বৰকে ধৰি মাংকিপক্সৰ বিভিন্ন লক্ষণ দেখা দিছিল।

উল্লেখ্য যে কেৰালাৰ ত্ৰিশূৰত মাংকিপক্স ভাইৰাছৰ ফলত দেশৰ প্ৰথম মৃত্যুৰ ঘটনা পোহৰলৈ আহিছিল।মাংকিপক্সৰ সংক্ৰমণত মৃত্যু হোৱা ২২ বছৰীয়া যুৱকজনে অলপতে সংযুক্ত আৰৱ আমিৰাতৰ পৰা উভতি আহিছিল।

Related News