বিমুদ্ৰাকৰণৰ ৩য় বৰ্ষপূৰ্তিত টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডৰ শীৰ্ষত “বিমুদ্ৰাকৰণ দুৰ্য্যোগ”

Demonitization_Disaster

টুইটাৰত প্ৰচুৰ শ্বেয়াৰ হোৱা এটা তিনি বছৰ পুৰণি বাতৰিৰ পেপাৰ কাটিং।

প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক হতবাক কৰি ৰাতি আকস্মিকভাৱে বিমুদ্ৰাকৰণ ঘোষণাৰ তৃতীয়টো বৰ্ষপূৰ্তিৰ আজিৰ দিনটোত টুইটাৰত ভাৰতীয়সকলৰ দ্বাৰা সৰ্বাধিক চৰ্চিত বিষয় হৈ আছে “বিমুদ্ৰাকৰণ দুৰ্য্যোগ” (#DeMonetisationDisaster)।

হেছটেগ ডিমনিটাইজেইশ্যন ডিছেষ্টাৰ হৈছে আজি দিনটো ধৰি টুইটাৰ ট্ৰেণ্ডৰ (ভাৰত) শীৰ্ষত থকা টপিক।

আনহাতে এই ঘটনাক ক’লা দিৱস (#BlackDay) বুলি অভিহিত কৰি আৰম্ভ কৰা টপিকটোও ভাৰতীয় ট্ৰেণ্ডৰ ওপৰৰ ফালে আছে।

বিভিন্নজনে প্ৰধান মন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণৰ সময়ৰ মন্তব্যবোৰ টুইট আৰু ৰি-টুইট কৰি বিষয়টোক সৰ্বাধিক চৰ্চাত ৰাখিছে।

সৰ্বাধিক আদান-প্ৰদান কৰা হৈছে মোদীৰ মন্তব্য, “Give me 50 days. Burn me alive if I’m wrong”.

বিমুদ্ৰাকৰণক অন্ধভাৱে সমৰ্থন কৰা আৰু মানুহৰ মাজত মিছা ব্যাখ্যা দিয়া সেই সময়ৰ কিছুমান সংবাদ মাধ্যমৰ সংবাদ আৰু সংবাদদাতাকো পুনৰ চৰ্চালৈ উলিয়াই অনা হৈছে। বেছিভাগতে আছে বিদ্ৰূপৰ একোটা টেগলাইন।

জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰীৰ ভিডিঅ’টো, য’ত মোদী চৰকাৰে ছপোৱা ২০০০ টকীয়া নোটখনত নেন’ টেকন’লজিৰ দ্বাৰা সংযোগ কৰা জি পি এছ চিপ থাকিব বুলি হাস্যকৰ দাবী কৰিছিল, বিভিন্নজনে আজি সেইটো শ্বেয়াৰ কৰিছে।

চৌধুৰীয়ে মাটিৰ ১৩০ মিটাৰ তলত পুতি থ’লেও দুহেজাৰ টকীয়া নোটবোৰ ট্ৰেক কৰিব পৰা যাব বুলি অদ্ভুত দাবী কৰিছিল আৰু মোদীৰ পদক্ষেপৰ সপক্ষে মত গঠন কৰিবলৈ টিভিৰ পৰ্দাত দৰ্শকক সেইটো বুজোৱা দেখা গৈছিল।

এইবোৰৰ মাজতে সেই সময়ছোৱাত বিমুদ্ৰাকৰণে সৰ্বসাধাৰণ লোকৰ জীৱনলৈ আনি দিয়া দুৰ্দশাৰ দৃশ্যও শ্বেয়াৰ কৰা হৈছে।

আনহাতে চৰকাৰক এই বিশেষ দিনটো উদযাপনৰ পৰিৱৰ্তে অস্বস্তিৰে এৰাই চলা দেখা গৈছে।