চাৰিখেলত বিভক্ত দেউৰীসকলৰ প্ৰধান সাংস্কৃতিক বৈশিষ্ট্যই হ’ল চাৰিখেলৰ মাজত বহুমাত্ৰিক সাংস্কৃতিক উপাদান। সামগ্ৰিকভাৱে চালে দেখা যায় যে দেউৰীসকলৰ চাৰিখেলৰ মাজত কোনো সাংস্কৃতিক বৈসাদৃশ্য দেখা নায়ায়। কিন্তু কথাটো তেনেকুৱা হয় নহয়, বহু ক্ষেত্ৰত দেখা যায় যে চাৰিখেলৰ মাজত কিছু সাংস্কৃতিক বৈসাদৃশ্যৰ পৰিদৃশ্যমান হয়।
দেউৰীসকলে বিহুক বিচু বুলি কয়। দেউৰীসকলৰ বিচুক আমি অলপ বেলেগ দৃষ্টিভঙ্গীৰে চাব খুজিছো। দেউৰীসকলৰ বিচু হ’ল সমাজ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ লোক-উৎসৱ। তেওঁলোকৰ বিচু কেৱল নৃত্য-গীততে সীমাৱদ্ধ হৈ থকা নাই অথবা কেৱল কিছু মাঙ্গলিক লোকাচাৰতে আৱদ্ধ নহয়। এইটো অনস্বীকাৰ্য যে অসমৰ বহু জনজাতীয় মঙ্গোলীয় জনগোষ্ঠীয়ে বিচু কিছুমান ধৰ্মীয় ও মাঙ্গলিক লোকাচাৰ পালন কৰে। দেউৰীসকলো তাৰ ব্যতিক্ৰম নহয়, বৰঞ্চ দেউৰীসকলে বিচু লৌকিক আৰু অতিলৌকিক লোকাচাৰেৰে পালন কৰি বছৰটোৰ কুশল মঙ্গলৰ লগতে খেতি পথাৰ সমৃদ্ধি হোৱাৰ বাঞ্ছা কৰে। দেউৰীসকলৰ বিহুৰ ধৰ্মীয় আৰু মাঙ্গলিক লোকাচাৰ সম্পৰ্কেহে ইয়াত আলোচনা কৰিব খুজিছো, নৃত্য-গীত সম্পৰ্কীয় দিশখিনি নহয়।
দেউৰীসকলে চ’তত ৰাতি বিচু কৰে। ব’হাগৰ প্ৰথমটো মঙ্গলবাৰে ৰাতি খপি দেউৰীসকলে বোকা বিচুৰে ৰাতি বিহু সামৰণী মাৰে। উল্লেখ্য যে এই বিচুতো দেউৰীসকলৰ মাজত কিছু সাংস্কৃতিক ভিন্নতা দেখা যায়। দিৱঙীয়া খেলে বুধবাৰে ৰাতি খপি বৃহস্পতিবাৰে ৰাতিপুৱা বোকা বিচু কৰে। কিন্তু বুধবাৰে দেওঘৰত উপাস্য দেৱ-দেৱীলৈ বৰপূজা আগবঢ়াই আৰু গঞাই দেওঘৰত সেৱা ধৰিবলৈ যায়। টেঙাপনীয়া আৰু বৰগঞাসকলে মঙ্গলবাৰে ৰাতি খপি বুধবাৰৰ ৰাতিপুৱালৈ বোকা বিচু কৰে আৰু উপাস্য দেৱতালৈ বৰপূজা আগবঢ়াই বছৰৰ বিচু আৰম্ভ কৰে। পুৱাবেলা গঞাই দেওঘৰত সেৱা ধৰিবলৈ যায়। চ’তত ৰাতি বিচু কৰিলেও সেয়া বিচুৰ আনুষ্ঠানিক আৰম্ভণি নহয়, সেয়া আখৰাসদৃশ বিচুহে। প্ৰকৃততে বিচুৰ আনুষ্ঠানিক পৰ্বৰ আৰম্ভণি ঘটে দেওশাল তথা দেওঘৰ বৰপূজাৰ যোগেদি।
ব‘হাগৰ বিচুৰ বৰপূজাঃ দেউৰীসকলৰ প্ৰতি খেলে তেওঁলোকৰ নিৰ্ধাৰিত উপাস্য দেৱ-দেৱীক উপাসনা কৰে শাক্তীয় বলি বিধানেৰে (দিৱঙীয়াদকলে বুঢ়া-বুঢ়ী, টেঙাপনীয়াসকলে বলিয়াবাবা আৰু বৰগঞাসকলে তাম্ৰেশ্বৰী দেৱীক)। কিন্তু এই বলি বিধান হিন্দু ধৰ্মীয় বলি বিধানৰ সৈতে কোনো সাদৃশ্য নাই। তেওঁলোকৰ বলি বিধানত জড়োপাসনা সদৃশ প্ৰাকৃতিক আচাৰসিক্ত বলি বিধানহে লক্ষ্য কৰা যায়। দেউৰীসকলৰ লোক-জীৱনত মুঠতে তিনিটা বৰপূজা দেখা যায়। সেই বৰপূজাবোৰ হ’ল— ব’হাগ বিচুৰ বৰপূজা, শাওণৰ বৰপূজা আৰু মাঘ বিচুৰ বৰপূজা। আটাইকেটা বৰপূজা দেওঘৰ(মিদিকু)ত উপাস্য দেৱতালৈ আগবঢ়োৱা হয়। দেওঘৰ অৰ্থাৎ উপাস্য দেৱতাৰ মন্দিৰৰ পূজাবিধি পালনৰ বাবে দেউৰীসকলৰ কিছুমান সামাজিক গাঁথনি আছে। সেই গাঠনিৰ যোগেদি ব’দেই (বৰদেউৰী-বৰপূজাৰী), স’দেই (সৰুদেউৰী-সৰুপূজাৰী), ব’ভৱালী (বৰভৰালী), স’ভৱালী (সৰুভৰালী), ব’আ (বৰা), বাঈক (বাৰিক) আদি বিষয়ববীয়া থাকে। পূজাত পূজাৰীসকলক সহায় কৰাৰ লগতে দেওঘৰৰ পৰিচ্ছনতাৰ বাবে তিনিজন পৰীয়া প্ৰতি বছৰে ৰাইজে নিয়োগ কৰে। কোনো কোনো ঠাইত পৰীয়াকেইজনৰ সহায় হোৱাকৈ বুঢ়া পৰীয়া অথবা বাহিৰ পৰীয়াও নিয়োগ কৰা হয়।
এই বৰপূজাবোৰত ৰাজহুৱাকৈ ছাগলী আৰু হাঁহ বলি দিয়াৰ লগতে প্ৰতিঘৰ গঞাই আগবঢ়োৱা হাঁহ আৰু কুকুৰাকো বলি দিয়া হয়। সাধাৰণতে মাঘ বিচুৰ বৰপূজাত গঞাই আমলৰিয়া হাঁহ আগবঢ়ায়। বাকী বৰপূজাবোৰত কুকুৰা দিয়া হয়। আমি ইয়াত ব’হাগৰ বৰপূজাৰ বিষয়ে আলোচনা কৰিম। কাৰণ ব’হাগৰ বৰপূজাৰ লগতহে ব’হাগ বিচুৰ লোকাচাৰবোৰ সংপৃক্ত হৈ আছে। ব’হাগৰ বৰপূজা হৈছে দেউৰীসকলৰ অতিকৈ গুৰুত্বপূৰ্ণ বৰপূজা। এই বৰপূজাত বৰবলিও দিয়াৰ দস্তুৰ আছে। বৰবলি মানে ম’হ বলি। এইবাৰ(২০১৭ত) অৰুনাচলৰ চুমপৈৰ বলিয়াবাবা দেওশালত বৰ বলিৰূপে ম’হ বলি দিয়া হ’ল। বৰবলিৰ লগত বিহুৰ সম্বন্ধ আছে। বৰপূজা দিয়াৰ সময়ত দেওশালৰ চোতালত ঢোলে ডগৰে বিচু কৰি কৰি থকা হয়। বৰপূজা লগে লগেই বিহুৰ আনুষ্ঠানিক আৰম্ভণি ঘটে। সেইদিনাৰ পৰা কেৱল দেওশালতহে বিচু কৰা হয় (অৱশ্যে হুঁচৰি হ’লে তাৰ ব্যতিক্ৰম হয় আৰু হুঁচৰি প্ৰতিবছৰে গোৱা নহয়।৩/৫/৭ অথবা ততোধিক বছৰৰ অন্তৰে অন্তৰেহে হুঁচৰি গোৱা হয়। প্ৰণিধানযোগ্য যে অসমৰ দ্বিতীয়খন বৃহত্তম দেউৰী গাঁও বাঁহগড়া দেউৰী গাঁৱত ২০১৪ চনত ২৫ বছৰৰ মূৰত হুঁচৰি গোৱা হৈছিল)। দেওশালত বিচুৰ আনুষ্ঠানিক আৰম্ভণি হোৱাৰ পিছত গাঁৱৰ ভিতৰত ঢোলে দগৰে বিচু কৰিব নোৱাৰি। অৱশ্যে গঞাই গৃহস্থৰ ঘৰত সোমাই চুজে(চাউলেৰে তৈয়াৰী পানীয়) আৰু খাজি(আঞ্জা)ৰে বিচু খায়। কিন্তু ব’হাগ বিহু মানুহৰ ঘৰে ঘৰে ঢোলে দগৰে বিচু কৰি বিহু খোৱাৰ দস্তুৰ নাই (সেই দস্তুৰ মাঘ বিচুতহে আছে)।
দেউৰীসকলৰ বিচুত লৌকিক আৰু অলৌকিক তথা অতিলৌকিক অৰ্থাৎ ৰিচিউৱেল আচাৰো বিদ্যমান। দেওঘৰত বিচু আৰম্ভ হোৱাৰ দিনাৰ পৰাই যিমান দিন বিচু পালন কৰা হয় সিমান দিনে উপাস্য দেৱতাৰ নামত বলি বিধানেৰে পূজা দিয়া হয়। বিচুত দেওঘৰত দেওধনীৰ আবিৰ্ভাৱ হয়। গাঁৱৰ কিছুমান নিৰ্দিষ্ট মানুহৰ গাত ব’হাগ মাহ অহাৰ লগে লগেই দেওধনীৰ আবিৰ্ভাৱ হয়। দেওধনী আবিৰ্ভাৱ হোৱাৰ লগে লগে তেওঁলোকে মানুহৰ লগত মিলা মিছা নকৰি অৰ্থাৎ কথা বতৰা নেপাতি নিজৰ কোঠালিত শুই থাকে। দেওধনী আবিৰ্ভাৱক লৈ জনগোষ্ঠীটোৰ মাজত কিছুমান লৌকিক আৰু অতিলৌকিক জনবিশ্বাসো প্ৰচলন আৰু জড়িত হৈ আছে। দেউৰীসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ইষ্ট দেৱ-দেৱীয়ে যি পুৰুষ অথবা মহিলাৰ শীৰৰত দৈৱিক শক্তি দান কৰে তেওঁলোকৰ গাতহে দেওধনীৰ আবিৰ্ভাৱ ঘটে। কিন্তু তাতকৈয়ো এক সৰলীকৃত বিশ্বাসো নথকা নহয়। সেইমতে ইষ্ট দেৱ-দেৱীৰ আজ্ঞাৰে মানুহৰ শৰীৰত দেওবোৰ আহি ব’হাগ মাহত থিতাপি লয়। দেওধনীয়ে ভেটুৱা, মুহুদী লোৱাৰ লগতে বছৰটোৰ বাবে তেওঁলোকৰ উলি পুলি ননাই পোৱালিবোৰ কুশল মঙ্গলৰ বাবে বিধি বিধান নিৰ্দেশনাদি দি যায়। যি নিৰ্দেশনা স্বয়ং দেৱ-দেৱীয়ে দেওধনীৰ মাধ্যমেৰে দিয়ে বুলি বিশ্বাস কৰে। উল্লেখ্যযোগ্য যে দেউৰী জনগোষ্ঠীৰ মাজত কেৱল ব’হাগতহে দেওধনীৰ আবিৰ্ভাৱ হয়। অৱশ্য কোনো বংশৰ ভেটুৱা(কোনো এটা বংশই সমূহীয়াকৈ ইষ্ট দেৱতালৈ বিশেষ নিয়মেৰে আগবঢ়োৱা পূজা) দিবৰ সময়ত সেই বংশৰ দেওধনী থাকিলে ভেটুৱা দিবৰ পৰত দেওৰ আবিৰ্ভাৱ হোৱা দেখা যায়। বিচুত গঞাই দেওধনীক গাঁৱৰ পৰা ঢোলে দগৰে নি দেওশালত নচোৱাই। দেওধনী নচোৱাৰ নিৰ্দিষ্ট ঢোলৰ চেও বজোৱাৰ লগতে দেওধনী নচোৱাৰ নাম(গীত, যিবোৰক তেওঁলোকে নাম বুলিয়েই কয়) পৰিৱেশন কৰা হয়। দেওধনীক ঘৰৰ পৰা উলিয়াই নিয়াৰ পৰত গোৱা হয়—
“আহক আহক কলা খোৱা দেও
ঐ আহিছ নে নাই অহা কলা খোৱা দেও
শদিয়া ৰাজতে চাৰিশাল গোহাঁনী
তালৈকো এসেৱা কৰোঁ কি না
……ৰাজতে…… গোহাঁসী
তালৈকো নমস্কাৰ কৰো কি না
ঐ আহক আহক কলা খোৱা দেও
(দট্ দট্ দিয়াবোৰ এই লেখকৰ। যি ঠাইত বা গাঁৱত দেওশালখন আছে সেই ঠাইৰ নাম আৰু কোন দেৱতাৰ দেওশাল আছে সেই দেৱতাৰ নাম দট্ দিয়া ঠাইত উল্লেখ কৰি গোৱা হয়। যেনে মোৰ গাঁৱত হ’লে গায় ‘টেঙাপনী’ ৰাজতে ‘বলিয়াবাবা’ গোহাঁনী)।
দেওশালৰ চোতালত দেওধনী নাচোৱাৰ নিৰ্দিষ্ট নাম আছে। উল্লেখ্য যে উক্ত নামবোৰ পূজাবিধিৰ লগত সম্পৰ্কৃত। নামতিসকলে দেওধনী নচোৱাই নামবোৰ পৰিৱেশন কৰে। দেওধনীয়ে সেই নাম আৰু ঢোলৰ চেও ধৰি নিৰ্দিষ্ট ভঙ্গীমাত নৃত্য কৰে। বাকী উপস্থিত আদহীয়া আৰু ডেকাসকলে নামতিৰ পিছে পিছে লহৰীয়াৰ গোৱাৰ দৰে নামৰ গুটিটো(কলি!) গায় যায়।
“হাচুতি ঐ থুল থুল পকা
থুল থুল পকা কোনে পাৰি দিব
খাবলৈ তেলেতীয়া হেই হেইয়া
হাচুতি লাহৰে তেমিটো কাঁহৰে
তেমি পাৰি বৰে ভাৱে সৰিলৰে
হাচুতি ঐ থুল থুল পকা…”
তাৰপিছত নতুন গুটি ধৰি গায়
“হয় এলেঙা অললৌ তললৌ হয় হয়
এলেং মাৰি বৰে অললৌ তললৌ হয় হয়…”
ইয়াৰ পিছতে দেওধনীয়ে গা ধুই বাতৰি কয়(বাতৰি সন্দৰ্ভত স্থানান্তৰ কোৱা হৈছে)। বাতৰি কোৱাৰ পিছত নতুন গুটি ধৰি নামতিয়ে গায়—
“থৈ কি নথৈ থৈ এৰা বান্ধৈ ধন ঐ ধেমেলীয়া
চতাই পৰেবতত ধুৱলী কুৱলী ধন ঐ ধেমেলীয়া
কোনে ভাতএ ৰান্ধি খালে সৰিলৰে ধন ঐ ধেমেলীয়া……”
তাৰপিছত আকৌ পূজাৰ অগ্ৰগতি চাই লৈ নামতিয়ে নতুন গুটি জুৰে—
“যেয়ে নেযায় চাপৰি তাৰে নাম বাবৰি য়ে হেই হেইয়া
চাপৰি চাপৰি কি তোল বাবৰি য়ে হেই হেইয়া
………
হাতৰে চাপৰি ধৰা ভালে কৰি য়ে হেই হেইয়া
ভৰি গিৰ গিৰনি মাৰা ভালে কৰি য়ে হেই হেইয়া……”
পূজা শেষ হোৱা তথা বলিৰ মুহুদি(বলিৰ তেজ) আনি দেওধনীক খোৱাৰ পৰত নামতিয়ে গায়—
“লিকিৰ কিটাং একিটাং লগাই দে ঢোলতং
চা ঐ চহৰীয়া
গুৰুতে গুৰহা মাজতে ককালি
চা ঐ চহৰীয়া
পাত শদিয়াতে মূৰে সৰিলৰে
চা ঐ চহৰীয়া
পতীয়া বাপেকে বাঁহৰ তং সাজিছে
চা ঐ চহৰীয়া
সাজতে ৰৌ মাছ খায়ে সৰিলৰে
চা ঐ চহৰীয়
………
শদিয়া নদীয়া নামচাং এৰি খোৱা ঘাট
চা ঐ চহৰীয়া……”
ইফালে দেওশালৰ পুৰোহিতবৃন্দ তথা পূজাৰী আৰু পৰীয়াসকলে নামৰ নিৰ্দিষ্ট কলিৰ সমান্তৰালভাৱে পূজাৰ কাম আগবঢ়াই নিয়ে। পৰীয়া তথা দেওশালৰ বিষয়ববীয়াসকলে কিমাৰু(টংলতি)ৰ সৈতে তামৰ কলহত দেওধনীয়ে গা ধুবলৈ পানী যোগাৰ দিয়ে। দেওধনীয়ে গা ধুই দেওশালৰ নিজা নিজা বাহত বহে আৰু তাতেই ননাই পোৱালিৰ(মনুষ্য) বাবে ইষ্ট দেৱতাৰ পৰা লৈ অহা বাতৰিবোৰ কৈ যায়। বছৰটোত পালন কৰিবলগীয়া সকাম-নিকাম, গোপিনী সবাহ, পূজা-পাৰ্বণ, ননাই পোৱালিবোৰৰ অপায়-অমঙ্গল বাৰণৰ বাবে ল’ব লগা ব্যৱস্থা, খেতি পথাৰৰ সমৃদ্ধিৰ বাবে ল’ব লগা ব্যৱস্থা আদিৰ লগৰে সামাজিক লোকাচাৰবোৰ কেনেকৈ পালন কৰিব লাগিব সকলোবোৰ সামৰি দেওধনীয়ে বাতৰিত নিৰ্দেশনাদি দিয়ে। আনকি বিচুত ননাই পোৱালিয়ে কৰা ভুল-ভ্ৰান্তিবোৰৰ ননাই পোৱালিক দোষী কৰি তাৰ নিৰাময়ৰ বিধানো দিয়ে।
বাতৰি কোৱাৰ পিছত দেওধনীয়ে পুনৰ নাচে। পূজাৰীসকলে বলি কটাৰ পিছত বলিৰ তেজ মুহুদি ৰূপত দেওধনীক খোৱাই দিয়া হয়। মুহুদী খোৱাৰ পিছতেই দেওধনী পৰে। সাধাৰণতে দেউৰীসকলৰ ব’হাগ বিচু তিনিদিন তিনিদিনকৈ দুটা পৰ্যায়ত দেওঘৰত পালন কৰা হয়। ব’হাগৰ প্ৰথমটো বুধবাৰৰ পৰা শুকুৰবাৰলৈ আগ বিচু আৰু দ্বিতীয়টো বুধবাৰ আৰু বৃহস্পতিবাৰে পিছ বিচু পালন দেওঘৰত পালন কৰা হয়। আৰু শুকুৰবাৰে নৈ পাৰত বিচু উটুৱা অথবা উৰুৱা হয়। মুঠতে ছটা দিনহে আনুষ্ঠানিক বিচুৰ লোকাচাৰ পালন কৰা হয়।
বিচু উতুৱা উৎসৱঃ দেউৰীসকলে সম্পূৰ্ণ ধৰ্মীয় আৰু মাঙ্গলিক পৰম্পৰাৰে বিচু উটুৱাই। অৱশ্যে দিৱঙীয়া খেলৰ বিচু উটুৱা উৎসৱ টেঙাপনীয়া আৰু বৰগঞাৰ লগত সাদৃশ্য দেখা নাযায়। বিচু উটুৱা উৎসৱটো গাঁৱৰ পৰা নামনিত নৈ পাৰত পালন কৰা হয়। বিচু উটুৱা উৎসৱৰ লৌকিক নিজস্ব পূজাবিধি আছে আৰু পূজাৰ বাবে প্ৰতি ঘৰে একোটাকৈ কুকুৰা আগবঢ়ায়। বিহু উটুৱা দিনা ৰাজহুৱা খটি পালন কৰা হয়, উক্তু দিনা হলুৱাই হাল-কোৰ বাব আৰু শিপিনীয়ে তাত বব নোৱাৰে। সেইদিনা পুৱাই গাঁৱৰ ন ডেকাবোৰে প্ৰতি ঘৰে ঘৰে গৈ চান্দা তোলে। পূজাৰ বাবে একোটাকৈ কুকুৰা, কণী, চাউল, মিঠাতেল, নিমখ, হালধী, কপাহ আদি সংগ্ৰহ কৰে। ইয়াৰে চাউল আৰু হালধী পূজাৰ পিছৰ সমূহীয়া ভোজৰ বাবে সংগ্ৰহ কৰা হয়। ন ডেকাবোৰে সামগ্ৰীবোৰ সংগ্ৰহ কৰি পুৱা বেলাতে বিচু উটুৱাৰ নিৰ্দিষ্ট ঠাইত গৈ দি থৈ আহে।
বিচু উটুৱা উৎসৱৰ বাবে এটা গাহৰিয়ো প্ৰয়োজন হয়। গাহৰিটো ৰাজহুৱা পুঁজিৰ পৰা লোৱা হয়। উক্ত গাহৰিটোৰে বিচু উটুৱাৰ ঠাইৰ পৰা নামনিত ‘নামনি দেও’ কৰা হয়। বিচু উটুৱা উৎসৱত থকা কোনো লোকে সেই নামনি সকামত অংশ ল’ব নোৱাৰে। দেওধাইৰ লগত থকা মানুহকেইজনে উক্ত দেওটো কৰাৰ ঠাইত ৰন্ধন প্ৰকৰণ কৰি ভোজ খায়। তাত বিচু উটুৱা উৎসৱ তথা বিচু অংশ লোৱা কোনোৱে গৈ ভাগ ল’ব নোৱাৰে।
গাঁৱৰ পুৰুষ মহিলাই গাঁৱৰ পৰা দেওধনীক বিচু উটুৱাৰ উৎসৱলৈ লৈ যায়। বিচু উটুৱা উৎসৱলৈ দেওধনী লৈ যোৱা নাম একেটাই হ’লেও ঢোলৰ চেও বেলেগ। কিন্তু বিচু উতুৱা স্থলীত দেও নচোৱাৰ নামবোৰ বেলেগ। অৰ্থাৎ দেওশালত দেওধনী নচোৱা আৰু বিচু উটুৱা উৎসৱত দেওধনী নচোৱাৰ গীতবোৰ একে নহয়।
“দেওধনী নচোৱাবলৈ নামতিয়ে গায়…
সেউতী ঐ হাই হাই; মালতী ঐ বাই হাই হাই
সেউতী মালতী তগৰ দুৱাৰমালি মালতী ঐ বাই হাই হাই……
ৰূপৰে জখলা সোণৰ হেতা মাৰি ঐ বাই হাই হাই
আহে ভৈয়ামলৈ নামি সৰিলৰে ঐ বাই হাই হাই……”
দেওধনীয়ে গা ধূই বাতৰি কোৱা পিছত গোৱা হয়…
“কেতেকী ঐ মাৰে মাতে
হাতত কৰণীলৈ বনমালা গুঠে
শদিয়াৰ ৰাজতে চাৰিশাল গোঁহানী কেতেকী ঐ বনমালা গুঠে
দেৱলৈ নমস্কাৰ কৰো কি হৰিলৰে কেতেকী ঐ বনমালা গুঠে……
শদিয়াত উপজে শদিয়াৰ দেউৰী কেতেকী ঐ বনমালা গুঠে
মহঙত উপজে লুণে হৰিলৰে কেতেকী ঐ বনমালা গুঠে….”
পূজাৰ অগ্ৰগতিৰ লগত তাল মিলাই মিলাই নামতিসকলে নামবোৰ জুৰি থাকে। তেওঁলোকে পুনৰ নতুন গুটি জুৰি গায়…
“ৰৈ ভৈ নাই পিন্ধোতা নাই
চপাই নাও ঐ কলি ঐ বাই
কেলেই কাপোৰ খুটি বইছা মোৰে আই
চপাই নাও ঐ কলি ঐ বাই
জপাতে পছিলে জপাৰ বৰে কাপোৰ
চপাই নাও ঐ কলি ঐ বাই…”
এই গুটিটো গোৱাৰ লগে লগে দেওধনীয়ে তামৰ কলহত কিমাৰু পানী লৈ কিমাৰুৰে ননাই পোৱালিৰ গালৈ পানী ছটিয়াই। ননাই পোৱালিবোৰে সেয়া শান্তিয়নী পৱিত্ৰ পানী বুলি বিশ্বাস কৰে আৰু তেওঁলোকে ভাবে যে সেই পানী গাত পৰিলে বছৰটো অপায় অমঙ্গল নোহোৱাকৈ পাৰ হৈ যায়।
তাৰপিছত নামতিয়ে বিচু উটুৱা দেওৰ দেওধাইজনৰ পূজাৰ অগ্ৰগতি চাই লৈ নাম জুৰি থাকে। নামতিবোৰে নতুন গুটি লগায় গায়…
“ল’হ ল’হৰি প্ৰাণৰ ভাই
ফুলত ভৰ দি নাও মেলি যায়
চহৰা লিপিৰি সোধে আঠু কাঢ়ি
ফুলত ভৰ দি নাও নেলি যায়
কি খায় বুলালি দাঁতে সৰিলৰে
ফুলত ভৰ দি নাও মেলি যায়
শদিয়াৰ ৰাজতে হোলেং হাতে পোৱা
ফুলত ভৰ দি নাও মেলি যায়…
………
ৰূপৰ নাও এখনি সোণৰ বঠাডালি
ফুলত ভৰ দি নাও মেলি যায়
ভাটিলৈ ভটিয়াই যায়এ সৰিলৰে
ফুলত ভৰ দি নাও মেলি যায়…”
ইফালে বিচু উটুৱা ঠাইত দেওধনী নাচিবলৈ নিৰ্দিষ্ট ঠাই ৰাখি তাৰ উজনি আৰু নামনিৰ দুয়োফালে গঞাই আগবঢ়োৱা কুকুৰাবোৰ বলি দিবলৈ পূজাৰ অস্থায়ী বেদী তৈয়াৰ কৰি পূজা কৰা বিধি আগবঢ়োৱা হয়। ইয়াৰে উজনিফালে দেওশালৰ স্থায়ী পূজাৰীবোৰে ইষ্ট দেৱতাৰ তুষ্টিৰ বাবে কুকুৰাবোৰ বলি দি পূজা আগবঢ়াই আৰু নামনিফালে নিৰ্দিষ্টকৈ ধৰা দেওধাইজনে পূজা কৰি কুকুৰাবোৰ বলি দিয়ে। উল্লেখ্য যে নামনিৰ পূজাটো বিহু উতুৱা ‘দেও’ বুলি কোৱা হয়। উজনিৰ পূজা শেষ হোৱাৰ পিছতহে নামনিৰ দেওটো দেওধায়ে আৰম্ভ কৰিব পাৰে।
বিচু উটুৱাবলৈ ভীমকলৰ পটুৱাৰে এখন নৌকা বনোৱা হয়। নৌকা বনাবলৈ প্ৰতি বংশৰে কেইজনমান অভিজ্ঞ ব্যক্তিক আগতীয়াকৈ দায়িত্ব দিয়া হয়। উক্ত দায়িত্বপ্ৰাপ্ত লোককেইজনে ভীমকলৰ কলপটুৱা সংগ্ৰহ কৰি বিচু উটুৱা উৎসৱৰ স্থলীতে নৌকাখন বনায়। নৌকাখন ফুলুৰে সজ্জিত কৰা হয় আৰু তাত কলপটুৱাৰে বঠাৰ সৈতে নাও বাই থকা মানুহৰ প্ৰতীকো সংযোগ কৰা। এই প্ৰতীকী মানুহবোৰে নৌকাখনত দেওক নি ভটিয়নীত গৈ বিহু উটুৱাবলৈ লৈ যায়। নৌকাখনত পূজাৰ কিছু নৈবদ্যৰ দিয়াৰ লগতে এটা ডেমেৰা বগা কুকুৰা আৰু তাতে চাউল দিয়া হয়। লোক বিশ্বাসমতে এই নৌকাখনতে দেওবোৰে মানুহৰ শৰীৰৰ পৰা ওলাই ভাটিলৈ গুচি যায় আৰু বাটত কুকুৰাটোক দেওবোৰে আহাৰ হিচাপে গ্ৰহণ কৰে। দেউৰীসকলৰ মতে ব’হাগ অহাৰ লগে লগেই দেওবোৰ আহি গাঁৱে-ভূইয়ে ঘূৰি ফুৰিহে আৰু বিহুৱে দেওবোৰক লৈ আহে। সেয়ে ব’হাগত কিছুমান নিৰ্দিষ্ট মানুহৰ শৰীৰত আহি দেওবোৰে বাহৰ পাতে। দেউৰীসকলে বিশ্বাস কৰে যে বিহুৰ নিৰ্দিষ্ট দিনকেইটাত পূজা দি দেওবোৰক সন্তুষ্ট কৰি ভটিয়নীলৈ নি উটুৱাই দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে দেওবোৰ গাঁৱত থাকি গ’লে মানুহৰ মন খেতি পথাৰত নব’হিব আৰু গাঁৱত অৰাজকতা তথা অপায়-অমঙ্গলে দেখা দিব। দেউৰীসকলে বিহু শেষ কৰিয়ে কৃষিকৰ্মত মনোনিৱেশ কৰে। সেয়ে বিচু উটুৱাৰ পিছত দেউৰীসকলে ঢোল বজাব আৰু বিহুনাম গাব নোৱাৰে। যদিও কোনো উপলক্ষ্যত তাৰ ব্যতিক্ৰম ঘটে তেনে উপাস্য দেৱতালৈ এটা আমৰলীয়া হাঁহ আগমান কৰিব লাগিব আৰু সেই হাঁহটো দেওঘৰৰ পৰৱৰ্তী মাহেকীয়া পূজাত অকালত বিহু কৰাৰ দোষ মষিৰণ বিচাৰি বলি দিয়া হয় (উল্লেখ্য যে দেউৰীসকলৰ দেওঘৰত প্ৰতি মাহৰ প্ৰথমটো বুধবাৰে মাহেকীয়া পূজাৰে উপাস্য দেৱতালৈ বলি দিয়া দস্তুৰ আছে আৰু তাকে মাহেকীয়া পূজা বুলি কোৱা হয়)।
হুঁচৰিঃ দেউৰীসকলে প্ৰতিবছৰে হুঁচৰি নাগায়। হুঁচৰি হৈছে দেউৰীসকলৰ বৰগীত। এই বৰগীত য’তে ত’তে যেতিয়া তেতিয়াই গাব নোৱাৰি। ধৰ্মীয় আৰু মাঙ্গলিক তথা ৰিচিউৱেল আচাৰ ইয়াৰ লগত সম্পৃক্ত হৈ আছে। বৰগীত গোৱাৰ লগে লগে উপাস্য দেৱতালৈ দেওঘৰত বগা ছাগলী আৰু এটা আমৰলীয় হাঁহ বলি দি পূজা দিব লাগিব। আৰু তাত দেওধনীৰ অনুমতি(যিটোক আজ্ঞা লোৱা বুলি কোৱা হয়) থাকিব লাগিব।
দেউৰীসকলৰ সেয়ে প্ৰতি বছৰে হুঁচৰি নাগায় আৰু গাঁৱৰ বাহিৰত হুঁচৰি পৰিৱেশন কৰাটো নিষিদ্ধ। অৰ্থাৎ সোনোৱাল কছাৰীসকলৰ দৰে হাইদাং বা হুঁচৰি দেউৰীসকলে গাঁৱৰ বাহিৰত পৰিৱেশন কৰিব নোৱাৰে। সেয়ে দেউৰীসকলৰ হুঁচৰি এতিয়াও বৰ্হিসমাজৰ চক্ষুৰ অগোচৰেই আছে আৰু বহুতে সেয়া সোনোৱাল কছাৰীসকলৰ দ্বাৰা প্ৰভাম্বিত বুলি কোৱা দেখা যায়। কিন্তু দেউৰীসকলৰ হুঁচৰিৰ সোনোৱাল কাছাৰীসকলৰ লগত মৌলিক প্ৰভেদ আছে।
দেওধনীৰ আজ্ঞানুসাৰে তথা ৰাইজৰ সহমতত দেউৰীসকলে ৩/৫/৭ অৰ্থাৎ বিজুৰীয়া বছৰতহে পৰিৱেশন কৰিব পাৰে। স্থানান্তৰ উল্লেখ কৰিছিলো যে লখিমপুৰ জিলাৰ বাঁহগঢ়া নামৰ দ্বিতীয় বৃহত্তম দেউৰী গাঁৱখনত ২৫ বছৰৰ মূৰত ২০১৪ বৰ্ষত হুঁচৰি গোৱা হৈছিল। হুঁচৰি গোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত হুঁচৰিৰ বাবে প্ৰস্তুতি চলোৱা হয়। কাৰণ নিৰ্দিষ্ট সময়ৰ ভিতৰত আৰু গাঁৱৰ উজনিৰ পৰা ক্ৰমে নামনিলৈ হুঁচৰি গোৱা হয়। হুঁচৰিৰ বাবে নামতি, টেকেলা আৰু জ্বালাখোৱা নিয়োগ কৰা হয়। আজিকালিৰ দিনত হুঁচৰি পৰিচালনাৰ বাবে এখন হুঁচৰি পৰিচালনা সমিতি ৰাইজে গঠন কৰি দিয়ে আৰু সেই সমিতিখনে উক্ত বিষয়ববীয়াসকলক নিয়োগ কৰে। নামতিয়ে হুঁচৰি নাম গায়, জ্বালাখোৱাবোৰে হুঁচৰিৰ শৰাইত দিয়া চাউল, পান-তামোল আৰু চেলেং-গামোচাবোৰ লয় আৰু টেকেলাবোৰে হুঁচৰিত লহৰীয়াৰ দৰে নামতিৰ পিছত গুটিটো গায় হুঁচৰি পৰিৱেশন কৰে। টেকেলাবোৰে হাতত তিনি/আঢ়ৈ ফুট দীঘল বেত এডাল লৈ পুৱাবেলা মানুহৰ ঘৰে ঘৰে গৈ মানুহবোৰক হুঁচৰিলৈ উলাবলৈ ক’বলৈ যাব লাগে। সকলো গৃহস্থতই শৰাইত চেলেং আৰু গামোচাৰ নিদিয়ে। ন বোৱাৰী অনা ঘৰত চেলেং আৰু ন কৈ পাউ পিন্ধা ছোৱালী (ছোৱালী জীয়ৰী হোৱাৰ পিছত দেউৰীসকলে এক লোকাচাৰৰ জৰিয়তে ন জীয়ৰীক ডাঙৰ জীয়ৰীবোৰ দ্বাৰা বুকুত পাউ অৰ্থাৎ বুকুত গামোচা পিন্ধোৱা হয় আৰু তাকে পাউ পিন্ধা বুলি কোৱা হয়) থাকিলেহে হুঁচৰিৰ শৰাইত গামোচা দিয়া হয়।
হুঁচৰি পৰিৱেশনতো দিৱঙীয়া লগত টেঙাপনীয় আৰু বৰগঞাৰ মাজত কিছু বৈসাদৃশ্য লক্ষ্য কৰা যায়। দেউৰীসকলে হুঁচৰিত খুটি পুটি তাৰ ওপৰত বাঁহৰ হেতামাৰি দি লয়। টেঙাপনীয়া আৰু বৰগঞাসকলে ছটা খুটিৰ ওপৰত তিনিডাল বাঁহৰ হেতামাৰি দিয়ে আৰু দিৱঙীয়াসকলে চাৰিডাল দিয়ে। হেতামাৰি ভিতৰত নামতিসকলে নাচি নাচি নাম ধৰে আৰু টেকেলা আৰু অন্য বিহুৱাসকলে বাহিৰ লহৰীয়া গোৱাৰ দৰে তিনি খোজ অগাপিছা কৰি টেকেলা মাৰিৰে হেতামাৰিত মাৰি মাৰি নাম গুটিটো গায় যায়। হুঁচৰিত নিৰ্দিষ্ট ঢোলৰ চেও বজোৱা হয়, কিন্তু দিৱঙীয়াসকলে ঠায়ে ঠায়ে ঢোল সংগত নকৰে।
দেউৰীসকলে হুঁচৰিক অন্য এক উৎসৱ হিচাপেহে পালন কৰে। পুৱাবেলাই বিহুৱা বিহুৱতীসকলে ঘৰৰ পৰা উলাই গৈ উৰে দিনটো হুঁচৰি মাৰি নিশা ১২ মান বজাতহে ঘৰ সোমাইহি। এইদৰে দিন ৰাতি একাকাৰ কৰি হুঁচৰি মৰাৰ কাৰণটো হ’ল নিৰ্দিষ্ট দিনৰ ভিতৰত হুঁচৰি মাৰি শেষ কৰিবই লাগিব। সাধাৰণতে আগ বিচু আৰু পিছ বিচুৰ মাজৰ দিনকেইটাতে হুঁচৰি মাৰি শেষ কৰিব লাগে। কিন্তু অসমৰ বৃহতম দেউৰী গাঁও লখিমপুৰ জিলাৰ বৰদেউৰী আৰু বাঁহগড়া দেউৰী গাঁৱত এই নিৰ্দিষ্ট দিনৰ ভিতৰত হুঁচৰি মাৰি শেষ কৰিব নোৱাৰি। যোৱা ২০১৬ বৰ্ষত বৰদেউৰী গাঁৱত পোন্ধৰ দিনৰো অধিক দিনতহে হুঁচৰি গায় শেষ কৰিব পাৰিছিল, কাৰণ গাঁৱৰ এঘৰ মানুহো হুঁচৰিত বাদ পৰি যাব নোৱাৰে।
হুঁচৰি প্ৰথমে দেওঘৰত গোৱা হয়। তাৰপিছত ক্ৰমানুসাৰে ব’দেই, স’দেইকে আদি কৰি দেওঘৰৰ বিষয়বাবীয়াসকলৰ ঘৰত হুঁচৰি গোৱাৰ পিছত গাঁৱৰ উজনিৰ পৰা ক্ৰমে নামনিলৈ গায় যোৱা হয়। গাঁৱত হুঁচৰি গোৱাৰ পিছত দেওঘৰত এদিন হুঁচৰি থৈ পুনৰ তাৰ পাছ দিনা দেওঘৰত হুঁচৰি গায় আকৌ ব’দেইৰ ঘৰত হুঁচৰি গায় গাঁৱৰ নামনিলৈ গৈ নৈত হুঁচৰি উটুৱা হয়। হুঁচৰি উটুৱালৈ যাওঁতে ডেকাসকলে গায় যায়— “কাহ কদম মইনা ঐ লেচেৰি ঐ যায়এ না হেই হেই।
হুঁচৰিৰ নামঃ ইয়াত হুঁচৰি নামৰ গুটিৰ সৈতে কিছু হুঁচৰি নাম উল্লেখ কৰি দিয়া হ’ল—
১) ঐ হুঁচৰি ঐ হুঁচৰি হুঁচৰ চৰ চৰ
ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি
চোতালখন ফাটিলে চেৰ চেৰ কৰি
বেজি আন বতিয়া আন চোতাল সিঙি যাওঁ…
২) শুৰে শুৰে বাই দৌলত কাপোৰ ঘূৰে
শুৰে শুৰে নামকে কোনে সৰজিলে
আই সৰস্বতী দেৱী পাৰেৱতী
সিয়ে সৰজুৱা নামে ঐ দেওহঁত
……
ৰূপৰে কখলা সোণৰে হেতামাৰি
নদুলি নামকে ছদুলি নমাইছো……
৩) পাত ঐ পচলা মধৈ ফুল এমলা খৰকৈ যতন কৰা
বৰ ঘৰৰ ভিতৰত ৰান্ধিছে বাহিছে মতা কুকুৰা খাজি
চ’ত মহীয়া যেতিয়া চিৰে গৰখীয়াই তৰা
বিহুৱা চৰাইয়ে কৰে বিহু
আমাৰ বিহু কাপোৰ নাই…
(উল্লেখ্য যে এইফাঁকি গুটি জুৰিলে গৃহস্থই শৰাইখন লৈ তললৈ নামি আহি বিহুৱাৰ আগত মেলি দিয়েহি।)
৪) এলেং চেলং সৰু সুতাৰ চেলেং
কোনে বৈএ দিব পাৰে ল’ হইয়া
আয়ে সৰু সুতা কাটে ল হইয়া
তোৰে চেলেংখনি মোকে ঐ নেলাগে
পাইছো ছোৱালী কাজি ল’ হইয়া…
৫) উৰণ পুৰণ চৰাই হালধীয়া
ঘৰ চৰাই লেতেৰা পাখি ল’ হইয়া
এ আগে বাচিলো বাঘে কি ভালুকে
এ আগে বাচিলো ডালৰে মইনা
উৰি শদিয়ালৈ যায়
…………
এজনী পুহিলো চৰাই হালধীয়া
উৰি শদিয়ালৈ গ’লে চাৰি শাল গোঁসানী
দেউৰী পূজাৰী নিতৌ পূজা কৰে……
৬) চেং চেং মৰুৱা হাৰলি ঐ
পিন্ধে জয় এমলা কুটুম্বৰ ঐ
কুঁৱৰী পিন্ধিছে কেৰুনা ঐ হেই হেইয়া
চতাই পৰেবতত বিজুলী মাৰিছে
কুঁৱৰীক পাইছো দেখি না ঐ হেই হেইয়া…
৭) হেপাই পাই ঐ তিৰত তৰা
হেপাই সৰুৱা লিল’ লিল’ হৈয়া
সৰগত জিলিকে সৰগৰে তৰা
মাটিতে জিলিকে কেচু সৰিলৰে লিল’ লিল’ হৈয়া
আমৰে সমনীয়া জিলিকি আহিছে
শুৱনী কোঠালি পৰা সৰিলৰে লিল’ লিল’ হৈয়া…
৮) ভগা জাপি লৈ যাং কি কৈ বাই ঐ
কোনে আনি দিব শুৱাই না ঐ হেই হেইয়া
জাপিয়ে নেৰখাই দবা বৰষুণক
সেইবুলি খুজিলো ভাল না ঐ হেই হেইয়া…
৯) হয় ধন হালধীয়া মোৰ ধন বিন্দনীয়া
কটাৰী আনিবা হালধীয়া ঐ হেই হেইয়া
তামোল কাটিবৰে হাতৰে দাব কটাৰী
পানে কাটিবলৈ চুৰি না ঐ হেই হেইয়া…
১০) ল’ বাই লহৰীয়া ধন ঐ ধেমেলীয়া
ধনকে ঘটিলি ধন ঐ ধেমেলীয়া
কাজলি কাজলি ধন ঐ ধেমেলীয়া
ধনৰে বন্ধালি ধন ঐ ধেমেলীয়া…
১১) বীণ বাই ভদৰ কুলি বাঁহী বাই ভদৰ কুলি
দমতী বীণখন লোকে লৈ গ’ল হেই হেইয়া
চ’তে ফাগুণে শিমলু ফুলিলে হেই হেইয়া
ব’হাগত উৰিলে তুলা সৰিলৰে হেই হেইয়া
মাঘতে ভোগালী ব’হাগত ৰঙালী হেই হেইয়া…
১২) হাচুতি ঐ ৰাম নাৰায়ণ বিচুটি ৰৈ যায় হৰি
হাঁচুতি হাঁচুতি হাঁচুতি বোল ঐ দেওহঁত ৰৈ যায় হৰি
হাচুতি পাবলৈ নাইএ সৰিলৰে ৰৈ যায় হৰি
বাট বাটৰুৱা আটাইকে সুধিলে ৰৈ যায় হৰি…
১৩) হুৰাই ল’ কৰি খাং বুঢ়ী
শৰাইখন মুকলি কৰ ঐ চৰাই চপাই কৰি
চৰাইয়ে তুলিলে চহৰা পোৱালি
গছৰ ডাল শুৱনী কৰি সৰিলৰে…
(এইটো গুটিৰ মালিতা গাই থাকোঁতে হুঁচৰিত বহুৱাও উলায়।)
১৪) ধন ধনে হয় কি এ হয়ে হয়
ধনলৈ নকৰ ভয় ভয় ঐ গিৰিহঁত
এগুণা খোজুতে দিলি চাৰি গুণা
আমাৰো লাগিছে ভাল…
দিৱঙীয়া খেলত সাধাৰণতে ছোৱালী আৰু বোৱাৰীসকলে হুঁচৰি গোৱা দেখা নাযায়। কিন্তু টেঙাপনীয়া আৰু বৰগঞাসকল পুৰুষসকলৰ সমান্তৰালকৈ জীয়ৰীবোৰে বেলেগৈ খোলা পাতি চক্ৰাকাৰে পদচালনা কৰি হুঁচৰি গোৱা দেখা যায়। অৱশ্যে তেওঁলোকৰ হুঁচৰি নাম বুলি বেলেগকৈ নাই, তেওঁলোকে হাচুতি আৰু হুৱাই ৰাঙলী নামকে গাই হুঁচৰি পৰিৱেশন কৰে।পুৰুষ আৰু জীয়ৰীবোৰে হুঁচৰি গাই যোৱাৰ পিছত বোৱাৰীসকলেও হুঁচৰি পৰিৱেশন কৰে। উল্লেখ্য যে পুৰুষ আৰু জীয়ৰী হুঁচৰিৰ পৰা সংগৃহীত ধন ৰাজহুৱা কোষত জমা কৰা হয় আৰু বোৱাৰীসকলৰ দ্বাৰা সংগৃহীত ধনেৰে হুঁচৰি মাৰি লগা ভাগৰ ভাঙিবলৈ সমূহীয়াকৈ গাহৰিৰে ভোজ খোৱা হয়। কাৰণ বিহুৰ পিছত গঞাই কৃষিকৰ্মত উবুৰি খায় পৰিব লাগে।
অৱশ্যে আজিকালি কৃষিক্ষেত্ৰত যন্ত্ৰৰ ব্যৱহাৰে মানুহৰ কৃষি শ্ৰম লাঘৱ কৰি তোলাৰ ফলত জেঠ আহাৰ মাহ নোপোৱালৈকে গঞাই হাল জুতা দেখা পোৱা নাযায়।