বানে ছিগা কৃষ্ণাই ভেলাখামাৰ লালাবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাই উদঙাইছে পৰিৱৰ্তনৰ স্বৰূপ

a road

কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ ৷

কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা ভেলাখামাৰ হৈ লালাবৰি বজাৰ লৈকে বিস্তৃত এই গড়কাপ্তানি পথটোৰ দৈৰ্ঘ্য ৬’০৪০ কিঃমিঃ ৷

বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত ৰূপত থকা গড়কাপ্তানি পথটোত অৱশেষত চৰকাৰৰ সুদৃষ্টি পৰে বিগত ২০১৭ বৰ্ষত ৷

প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত অতি ব্যস্ত এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০১৭ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷

পথটো নিৰ্মাণৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ৩,০৪,২৭৯১১’০০ টকা ৷

শ্বাহী মোঃ কৰিম নামৰ ঠিকাদাৰ জনে এই পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰে ৷ তীব্ৰ বাদ-বিবাদ, অভিযোগ -প্ৰতি অভিযোগৰ  মাজেৰে নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অৱশেষত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷ পথটো নিৰ্মাণৰ পিছত যুগ যুগ ধৰি যাতায়াত ক্ষেত্ৰত যমৰ যাতনা ভুগি থকা লালাবৰি,পেটকাটা,

পাখিৰীগুৰি,গণকঘূলি, ভেলাখামাৰ,গৰগৰীয়াবড়ী আদিকে ধৰি কেবাখনো গাঁৱৰ বাসিন্দাৰ ওঁঠত বিৰিঙি উঠিছিল প্ৰাপ্তিৰ হাঁহি৷

যাতায়াত ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল সুদূৰ প্ৰসাৰী পৰিবৰ্তন ৷ পিছে , অঞ্চলবাসীৰ সেই সুখ শান্তি যেন নিয়তিৰ সহ্য নহ’ল ৷ পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এবছৰ নৌহওঁতেই ২০২০ বৰ্ষৰ ২১ জুলাইত অহা প্ৰলয়ংকাৰী বানে চূৰ্ণ বিচূৰ্ণ কৰি দিলে নৱ নিৰ্মিত পথটো ৷

ভেলাখামাৰ পেটকাটাৰ মাজৰ প্ৰায় এক কিলোমিটাৰ পথৰ কেবাঠাইতো বানে উটুৱাই নিলে পেবাৰ ব্লকসহ কাৰ্লভাট ৷ পুনঃ বিধ্বস্ত হৈ পৰিল পথটো ৷ যাতায়াত হৈ পৰিল স্তব্ধ ৷ ৰাইজে অপেক্ষা কৰিবলৈ ল’লে নিশ্চয় পথটো পুণঃনিৰ্মাণ হ’ব ৷ যাতায়াতৰ উপযোগী হৈ উঠিব অতি ব্যস্ত পথটো ৷

পিছে এদিন দুদিনগৈ ন মাহ পাৰ হ’ল ৷ পথটো কিন্তু মেৰামতি নহ’ল ৷ ইয়াৰ মাজতে আহিল নিৰ্বাচন ৷ জাৰি হ’ল অধিসূচনা ৷ নিৰ্বাচনৰ পিছতে ৰাজ্য খনত আৰম্ভ হ’ব বাৰিষা কাল ৷

ভৰি পৰিব খাল বিলৰ লগতে কৃষ্ণাই ভেলাখামাৰ লালাবৰি সংযোগী গড়কাপ্তানি পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত বোৰ ৷ সম্প্ৰতি আহি থকা ভয়াৱহ দিনবোৰৰ কথা চিন্তা কৰি একপ্ৰকাৰ দি হাৰা হৈ পৰিছে অঞ্চলটোৰ হেজাৰ হেজাৰ গাঁৱলীয়া জনসাধাৰণ ৷