মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ বাৰ্মা কেম্প অঞ্চলত আজি পুৱা সংঘটিত হয় এক অগ্নিকাণ্ড। কথমপি এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী। গেছ পৰিবাহী পাইপত এই অগ্নিকাণ্ড সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি জাগুনৰ এটা ব্যক্তিগত চাহ ফেক্টৰীলৈ গেছ যোগান ধৰা পাইপ লাইনত পুৱা ৭ মান বজাত এক প্ৰচণ্ড শব্দ হৈ জুই জ্বলি উঠে। স্থানীয় ৰাইজ আৰু গাঁও ৰক্ষী বাহিনীৰ তৎপৰতাত অঞ্চলবাসী ৰক্ষা পৰে যদিও অঞ্চলটোত উত্তেজনা অব্যাহত আছে।
খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে অগ্নিকাণ্ডই তীব্ৰ ৰূপ ধাৰণ কৰিব নোৱাৰিলে।
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় গাঁওবাসীৰ অভিযোগ অনুসৰি গেছ সৰবৰাহ কৰা পাইপ সমূহ মাটিৰ তলেৰে নিব লাগে যদিও কোনো কোনো ঠাইত একেবাৰে ওপৰত মুকলিকৈ দেখা যায়৷ যাৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে ক’ব খোজে।
অঞ্চলটোৰ ৰাইজে এনে বিপদজনক থকা গেছ পাইপ লাইনসমূহ সুৰক্ষিত কৰাৰ দাবী তোলে। এইক্ষেত্ৰত অসম গ্ৰেছ কোম্পানীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।
অনতিপ্ৰলমে সুৰাক্ষা ব্যৱস্থা সুনিশ্চিত নকৰিলে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি উল্লেখ কৰিছে৷ আনহাতে আজি অগ্নিকাণ্ডৰ খবৰ বিয়পী পৰাৰ লগে ঘটনাস্থলীত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয়।