অৰ্গেনিক পাচলিৰে আপ্যায়ন কৰা হ’ব শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ ভকতক

বোকাখাতত অনুষ্ঠিত হ’ব লগীয়া শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনত কৃষি বিভাগে ভকত-বৈষ্ণৱক অৰ্গেনিক পাচলি খুৱাব। ইয়াৰ বাবে কৃষি বিভাগে প্ৰস্তুত কৰিব এক বিশেষ আঁচনি। আজি বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত অনুষ্ঠিত শংকৰদেৱ  সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আদৰণী সমিতি গঠনৰ ৰাজহুৱা সভাত এই ঘোষণা কৰে  কৃষি মন্ত্ৰী অতুল বৰাই।

সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত অতুল বৰাৰ উপৰি প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, অল আসাম প্ৰেছ কৰেচপণ্ডেন্ট য়ুনিয়নৰ উপদেষ্টা ভৱেশ শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমা, বোকাখাত মহকুমাৰ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে সকলোবোৰ নামঘৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া আৰু সংঘৰ বিভিন্ন কৰ্মকৰ্তাৰে প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে।

আজিৰ ৰাজহুৱা সভাত ধৰ্মেশ্বৰ হাজৰিকাক সভাপতি, মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাক কাৰ্যকৰী সভাপতি আৰু চন্দ্ৰ কান্ত ভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আদৰণী সমিতি গঠন কৰা হয়।

তদুপৰি উক্ত অধিবেশনৰ বাবে আজি মুঠ ৩৫খন উপ সমিতিও গঠন কৰা হয়। উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰিত বোকাখাত মহকুমাৰ মহুৰা পথাৰত শংকৰদেৱ সংঘৰ এই ৮৯ সংখ্যক অধিবেশন অনুষ্ঠিত হ’ব।