আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালীপূজা আৰু দীপান্বিতাৰ ব্যাপক প্ৰস্তুতি

চাপৰ, বিলাসীপাৰা,বহলপুৰ আদি ঠাইতো প্ৰস্তুতি তুংগত

ফাইল ফটো

ৰাজ্যজুৰি এতিয়া কালীপূজা আৰু দীপান্বিতাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন স্থানত থকা কালী মন্দিৰসমূহত কালী পূজাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰশাসনে এইবাৰো উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে যদিও কম প্ৰাবল্যৰ ফটকা আৰু আলোকসজ্জাৰেই ৰাজ্যবাসীয়ে দীপান্বিতা উদযাপনৰ বাবে সাজু হৈছে। দীপান্বিতাৰ আগে আগে অনুষ্ঠিত হোৱা ধনতেৰাছৰ বাবেও গহণাৰ দোকানসমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।

উল্লেখ্য কাইলৈ অৰ্থাৎ ২২ অক্টোৱৰত ধনতেৰাছ। ইপিনে ধুবুৰী জিলাৰ গাওঁ তথা চহৰৰ লগতে বিলাসীপাৰা, সাপটগ্ৰাম, শালকোচা, চাপৰ, বহলপুৰ, চৈবাৰী আদি অঞ্চলত বিভিন্ন মন্দিৰত শ্যামা পূজাৰ ব্যাপক প্ৰস্তুতি চালিছে। চাপৰ চহৰৰ দক্ষিণেশ্বৰী কালি মন্দিৰ,কালীবাৰী, দুৰ্গাবাৰী,হিন্দু কাজীপাৰা, বহলপুৰৰ তটপাৰা, ইছলামাৰী কালী মন্দিৰকে ধৰি কেবা ঠাইতো পূজা জাকজমকতাৰে পালন কৰা হব বুলি জানিব পৰা গৈছে।

পূজাৰ লগতে মন্দিৰ তথা ঘৰে ঘৰে পোহৰৰ উৎসৱ দীপান্বিতা উলহ মালহৰে পালনৰ উৎসাহ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বিভিন্ন খাদ্য তথা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰকে ধৰি তেলৰ মূল্য বৃদ্ধি হৈছে। পূৰ্বৰ তুলনাত হয়তো বহুতে তেলৰ চাকি – বন্তি প্ৰজ্বলন কমকৈ কৰিব বুলি বহুতে মন্তব্য কৰিছে।বজাৰত বিদেশী টুনি বাল্বৰ ব্যাপক প্ৰচলন দেখা গৈছে। ৰাইজলৈ সচেতন মহলে স্থানীয় মৃৎশিল্পী সকলে প্ৰস্তুত কৰা মাটিৰ চাকি ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

বজাৰত চৰা দামত বিভিন্ন ধৰণৰ ফটকা বিক্ৰী হৈ আছে । অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিত শৰ্মা, বিধায়ক ছামচুল হুদা, এম চি এল এ ডণেশ্বৰ গয়াৰী , ডাঃ অতনু বসুমতাৰী, ডাঃ সুশান্ত ভট্টাচাৰ্য্য
প্ৰসিদ্ধ বাঁহী বাদক প্ৰবীণ কুমাৰ বৈশ্য, নবীন আগৰৱাল আদিয়ে দীপান্বিতা উপলক্ষে অঞ্চলটোৰ ৰাইজ লৈ শুভেচ্ছা জ্ঞাপন কৰিছে।