চিৰিয়াখানাত বন্যপ্ৰানী আদান-প্ৰদানৰ নামত চলিছে বৃহৎ বজাৰ : চিৰিয়াখানা সুৰক্ষা মঞ্চ

zoo-768x422

দুই অভিযোগকাৰী

অসম ৰাজ্যিক চিৰিয়াখানাত বন‍্যপানীৰ আদান প্ৰদানৰ নামত ডি এফ অ’য়ে এক বৃহৎ কলা বজাৰ চলাই আছে বুলি আজি অভিযোগ উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ‍্যই।

বৈশ্যৰ অভিযোগ অনুসৰি,  জনতা আৰু সংবাদ মাধ্যম সম্বন্ধে অলপো কুণ্ঠাবোধ নকৰাকৈ এটাৰ পাছত এটাকৈ জাতীয় সম্পদ বহিৰাগত বনিয়াৰ হাতত অৰ্পণ কৰি আহিছে ডি এফ অ’য়ে।

উল্লেখযোগ্য যে, অসম ৰাজ‍্যিক চিৰিয়াখানা সম্প্ৰতি সম্পূৰ্ণৰুপে ধংসৰ গৰাহত পৰা বুলি একাংশই অভিযোগ কৰি আহিছে। চিৰিয়াখানাৰ সুৰক্ষা মঞ্চ আৰু ৰাইজৰ প্ৰবল প্ৰতিবাদ, আন্দোলন স্বত্তেও বিগত দুবছৰত চিৰিয়াখানাৰ ডি এফ অ’ টেজাজ মৰিস্বামীয়ে অসংখ্য দুষ্কাৰ্য্য মুকলি ভাৱেই কৰি আহিছে বুলি অভিযোগ কৰে ৰাজকুমাৰ বৈশ্যই।

আনহাতে, বিগত দুটা বছৰত চিৰিয়াখানাত প্ৰায় এক হাজাৰ বন্যপ্ৰাণী নিধন হোৱাৰ বিপৰীতে মুক্তবিচৰণ কৰি থকা প্ৰায় ৮০০ হৰিণ নিধন হৈছে। মৃত্যু আৰু নিধন হোৱা বন্যপ্ৰাণীৰ সকলো তথ্য নষ্ট কৰি তেওঁলোকে একপ্ৰকাৰৰ অৰাজকতা কৰিছে বুলিও বৈশ্যই কয়।

চিৰিয়াখানত বৰ্তমান তিনিশ পঞ্চাশটাতকৈও কম জীৱ-জন্তু থকাৰ বিপৰীতে চিৰিয়াখানৰ প্ৰায় ১৭৫ হেক্টৰৰ বিশাল ভূ-খণ্ড বহিৰাগত বনিয়াক লীজত দিবলৈ সম্পূৰ্ণৰূপে তৎপৰ হৈ পৰিছে ডি এফ অ’ গৰাকী।

শেহতীয়ভাৱে ২১ জুলাইৰ নিশা চাৰিখন ট্ৰাকত হাড়গিলা, নলগাহৰী,জহামল, বাৰ্মিজ অজগৰকে ধৰি বহুতো আপুৰুগীয়া বন্যপ্ৰাণী গোপনে গুজৰাটলৈ পঠোৱা হৈছে বুলি জানিব পৰা গৈছে। ডি এফ অ’ গৰাকীৰ মতে মাত্ৰ ১৯ টা জন্তুহে গুজৰাটলৈ পঠোৱা হৈছে।

ইয়াৰ বিপৰীতে গুজৰাটৰ পৰা চিৰিয়াখানালৈ মাত্ৰ ১০ টা জন্তুহে অনা হ’ব।চিৰিয়াখান সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এই ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে কিয় নিশাৰ অন্ধকাৰত ৰাইজ, সংবাদমাধ্যম সকলোকে আটৰত ৰাখি জন্তুৰ এনেদৰে আদান-প্ৰদান কৰা হ’ল?

বৈশ্যৰ অভিযোগৰ বিপৰীতে চিৰিয়াখানাৰ ডি এফ অ’গৰাকীয়ে তেওঁৰ বিপৰীতে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰি এনে অভিযোগৰ কোনো সত্যতা নাই বুলি মন্তব্য কৰে।

তেওঁ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি দীপক পাঠক আৰু সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ বিৰুদ্ধে বিগত বর্ষতে গীতানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডাবিধিৰ অধীনত ৩৩৫/১৮ আৰু ৫০০/৫০৫/৫০৬ নম্বৰত এটা গোচৰ ৰুজু কৰিছি।