• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ পৰা হাছিনাৰ ভাষণত ক্ষুব্ধ ঢাকা; অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতলৈ প্ৰেৰণ কূটনৈতিক টোকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 6:25 pm
291
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাক লৈ পুনৰবাৰ ভাৰতৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ঢাকাত ভাৰতীয় উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা কূটনৈতিক টোকাত ইউনুছ সৰকাৰে বুধবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণক উত্তেজক আখ্যা দি নতুন দিল্লীক কয় যে আৱামী লীগৰ নেত্ৰীগৰাকীক যাতে পুনৰ ভাষণ দিবলৈ দিয়া নহয়। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰে।

যোৱা বছৰৰ ৫ আগষ্টৰ পৰা শ্বেখ হাছিনা দিল্লীত আছে। বুধবাৰৰ পিছত আজি আৰু বৃহস্পতিবাৰেও তেওঁ দলটোৰ উদ্দেশ্যি অনলাইনযোগে ভাষণ দিয়াৰ কথা।

বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মঞ্চত বাংলাদেশৰ বিৰুদ্ধে অশান্তিৰ সৃষ্টি কৰা মিছা আৰু মনেসজা মন্তব্য আৰু বক্তব্যৰ সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰত চৰকাৰক তীব্ৰ প্ৰতিবাদ জনাইছে।

কোৱা হৈছে যে বাংলাদেশ চৰকাৰে গভীৰ উদ্বেগ আৰু হতাশাৰে জনাইছে যে এই মন্তব্যই বাংলাদেশৰ জনসাধাৰণৰ অনুভুতিত আঘাত হানিছে। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে তেওঁৰ কাৰ্যকলাপে বাংলাদেশত বিৰোধিতাৰ সৃষ্টি কৰিছে আৰু দুয়োখন দেশৰ মাজত সুস্থ সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ বাবে ই অনুকূল নহয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ মনোভাৱেৰে ভাৰত চৰকাৰক অনুৰোধ জনাইছে যে হাছিনাই ভাৰতত থকাৰ সময়ত তেওঁক যাতে মিছা, মনেসজা আৰু উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত ৰাখিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে।

Recent News

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

আমলখিৰ উপকাৰিতা জানো আহক

আমলখিৰ উপকাৰিতা জানো আহক

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd