ধলা কাণ্ডই আইন-শৃংখলাৰ অৱনতি হোৱাটো নুসূচায়, বিজেপিৰ দিনত এনে ঘটনা কমিছে : বিজন মহাজন

Bijon Mahajan

সংবাদমেলত বিজেপিৰ মুখপাত্ৰ বিজন মহাজন।

“ধলা কাণ্ডৰ ঘটনাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হোৱাটো নুসূচায়।” বিজেপিৰ ৰাজ্যিক কাৰ্য্যায়লত আজি এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। তেওঁ লগতে দাবী কৰি কয় যে বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছৰ কাৰ্য্যকালৰ তুলনাত অপৰাধ, আইন-শৃংখলাজনিত ঘটনাৰ পৰিমাণ বহুত হ্ৰাস পাইছে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ধলাৰ খেৰবাৰীত ৫জনকৈ নিৰীহ লোকক হত্যা কৰি যোৱাৰ পাছতো আজি পৰ্য্যন্ত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিব নোৱাৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। এই কথা পাহৰি নিজৰ দল-চৰকাৰৰ ব্যৰ্থতাক ঢাকিবলৈ উঠি-পৰি চেষ্টা কৰা দেখা গ’ল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মহাজনক।

বিজেপিৰ মুখপাত্ৰজনে ঘটনাটোক কেৱল ‘দুৰ্ভাগ্যজনক’ আৰু ‘আইন শংখলাজনিত এক সমস্যা’ বুলি আখ্যা দি লঘু কৰিবৰ চেষ্টা কৰে।

তদুপৰি ইতিমধ্যে ‘নিয়া’ই ধলা কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও সংবাদমেলত দাবী জনায় বিজন মহাজনে।

উক্ত সংবাদমেলতে কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰিমাণ হ্ৰাস হৈছে বুলি দাবী জনাই আৰম্ভ কৰে এক প্ৰকাৰৰ বোকা ছটিওৱা ৰাজনীতি। নিজৰ চৰকাৰৰ দিনত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৰ্থতা ঢাকিবলৈ গৈ কংগ্ৰেছৰ শাসন কালৰ আইন-শৃংখলাজনিত ঘটনাৰ কথা দোহাৰে মহাজনে।

তেওঁ কয়, “কংগ্ৰেছৰ শাসনকালৰ তুলনাত আজিৰ দিনত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত।”

এই সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীকো সমালোচনা কৰিবলৈ নেৰিলে মহাজনে। তেওঁ কয়, “প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সমলৰ ভিত্তিত কথা নকয়, মিথ্যাচাৰৰ আশ্ৰয় লৈছে তেওঁ।”

উল্লেখযোগ্য যে, বিগত দিনসমূহত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিৱেশৰ চৰম অৱনতি ঘটিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰি আহিছিল। তাৰ পাছতেই এইদৰে উভতি ধৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, সেই একেখন সংবাদমেলতে পৰিসংখ্যাৰ ৰাজনীতি আৰম্ভ কৰে বিজন মহাজনে। সংবাদমেলত কংগ্ৰেছৰ শাসনকালত হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু বিজেপিৰ শাসনকালত হোৱা অভিযানৰ এক পৰিসংখ্যা দাঙি ধৰে মহাজনে।

তেওঁ দাঙি ধৰা তথ্য অনুসৰি, কংগ্ৰেছৰ প্ৰথম শাসন কালত সৰ্বমুঠ ঘটনা হৈছিল ১৯৭৭টা, উক্ত ঘটনাত সেনা জোৱানৰ মৃত্যু হৈছিল ১৪৯জন, সৰ্বসাধাৰণ লোকৰ মৃত্যু হৈছিল ৯১২জন, অপহৃত লোকৰ সংখ্যা ৯৮৩গৰাকী। দ্বিতীয় পৰ্য্যায়ৰ শাসন কালত ঘটনাৰ সংখ্যা ২২৯৪টা, জোৱানৰ মৃত্যু ১২১জন আৰু ৯২৪গৰাকী সৰ্বসাধাৰণ লোকৰ মৃত্যু হৈছিল। লগতে অপহৃত লোকৰ সংখ্যা আছিল ৪৫৯গৰাকী। কংগ্ৰেছৰ তৃতীয় শাসন কালত ঘটনাৰ সংখ্যা আছিল ১৩৬৬ টা, সেনা জোৱানৰ মৃত্যু হৈছিল ১৪জন, সৰ্বসাধাৰণৰ মৃত্যু হৈছিল ৩১৯গৰাকী আৰু অপহৰণ হৈছিল ৪৪৭গৰাকী।

তাৰ বিপৰীতে যোৱা আঢ়ৈ বছৰত ঘটনাৰ সংখ্যা ২০৬টা, সেনা জোৱানৰ মৃত্যু হৈছে ৮গৰাকী সৰ্ব সাধাৰণ লোকৰ মৃত্যুৰ সংখ্যা ৩৬গৰাকী আৰু ৩৮গৰাকী লোক বৰ্তমালৈকে অপহৃত হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে।