টীয়কত কৃষক নেতা ধৈৰ্য কোঁৱৰৰ সংবাদ মেল; জুবিন গাৰ্গ, যতীন বৰা সন্দৰ্ভতো মন্তব্য

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়কস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত ‘কা’ বিৰোধী নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ উপস্থিত হৈ আজি আবেলি এখন সংবাদ মেল সম্বোধন কৰে।

উক্ত সংবাদ মেলত নেতাগৰাকীয়ে কোনো কাৰণতে ‘কা’ মানি লোৱা নহয়, লগতে অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰি গগৈৰ মুক্তিৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ’বলৈ অসমৰ ৰাইজে যি সহযোগিতা আগবঢ়াইছে তাৰ শলাগ লয়।

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ স্থিতি সম্পৰ্কত নেতাগৰাকীয়ে কয় যে, যতীন বৰা চৰকাৰী এজেন্ট,নিজ স্বাৰ্থ পূৰাবলৈ অসমৰ ৰাইজৰ আবেগৰ ভৰিৰে মোহাৰিছে লগতে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰু জুবিন গাৰ্গক চৰকাৰে ব্যৱহাৰ কৰি যুৱপ্ৰজন্মক চৰকাৰৰ প্ৰতি আকৰ্ষিত কৰাৰ যি চেষ্টা কৰিছে সেয়া কোনো কাৰণতে সফল নহয়।

বৰ্তমান সময়ত চলি থকা এনেবোৰ কৰ্মৰাজিয়ে কা বিৰোধী আন্দোলনত কোনো প্ৰভাৱ নেপেলাই কেৱল মাত্ৰ ক’ৰ’নাৰ ভয়াবহতাৰ বাবেহে আন্দোলনৰ গতি কিছু হ্ৰাস পাইছে বুলি মন্তব্য কৰে কোঁৱৰে।

অনাগত দিনত জাতিক বচাবলৈ তেওঁ অসমৰ ৰাইজক একৈবদ্ধভাৱে ‘কা’ ৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত কোনো কাৰণতে বিজেপি দলক পুনৰ শাসনলৈ আহিবলৈ নিদিয়ে বুলি স্পষ্ট মত প্ৰকাশ কৰে নেতাগৰাকীয়ে আৰু বিজেপিত প্ৰতিহত কৰিবলৈ এটা ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পোষকতা কৰি ইতিমধ্যে ইয়াৰ আলোচনা চলি আছে বুলি জানিবলৈ দিয়ে।