অৱশেষত সুদীৰ্ঘ ১৫ বছৰৰ পিছত আজি প্ৰদান কৰা হ’ল দেশ কঁপাই যোৱা ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়। ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে উক্ত ৰায়।
আদালতে উক্ত বিস্ফোৰণ কাণ্ডত অভিযুক্ত মুঠ ১৫জন অভিযুক্তৰ ৬জনক দোষী সাব্যস্ত কৰে। তেওঁলোক হৈছে দীপাঞ্জলি গোঁহাই, হেমেন গগৈ, যতীন দুৱৰী, প্ৰশান্ত ভূঞা, লীলা গগৈ আৰু মুহি সন্দিকৈ।
আদালতে এই ৬ জন লোকৰ মাজৰে ৪ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। তেওঁলোক হ’ল ক্ৰমে মুহি সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলী গোহাঁই আৰু লীলা গগৈ। ইফালে আন দুজন প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক আদালতে ৪ বছৰৰ কাৰাদণ্ড দিয়ে।
উল্লেখযোগ্যে যে ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন হৈ থকা সময়তে সংঘটিত উক্ত বিস্ফোৰণত ১০টি শিশুৰ লগতে ৩ গৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল। উক্ত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০১১ চনত আৰক্ষীয়ে ১৫জন অভিযুক্তৰ নামত চাৰ্জশ্বীট দাখিল কৰিছিল।
ইয়াৰে ভিতৰত এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।
আনহাতে যোৱা ২০ জুনতে চূড়ান্ত ৰায়দানৰ কথা আছিল যদিও ১৯ জুনৰ নিশা সংঘটিক এক পথ দুৰ্ঘটনাত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা ঘনশ্যাম লাহনৰ মৃত্যু হোৱাৰ বাবে ৰায়দানৰ দিন ৪ জুলাইলৈ পিছুৱাই দিয়া হৈছিল।