তিব্বতৰ বান্ধ-হ্ৰদত ফাট : সৰ্বাধিক সতৰ্কতা জাৰি ধেমাজি জিলা প্ৰশাসনৰ

1234-1-750x375

তিব্বতত সংঘটিত ভূমিস্খলনৰ ফলত য়াৰ্লু চাংপোৰ গতিপথ ৰূদ্ধ কৰা বান্ধ হ্ৰদত শেহতীয়াকৈ হোৱা ফাটৰ ফলস্বৰূপে আকস্মিক বানত নামনি এলেকা প্লাৱিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

অৰুণাচলৰ লগতে অসমৰ ৪খন জিলাত বানপানীৰ আগলি বতৰা প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্যখনৰ ধেমাজি জিলাত সৰ্বাধিক সতৰ্কতা জাৰি কৰা হৈছে।

ধেমাজিৰ উপায়ুক্ত ৰোশনি অপৰাঞ্জি কোৰাটিয়ে ১৯ অক্টোবৰত জাৰি কৰা এটা জাননীত ব্যক্ত কৰিছিল যে বান্ধটো ভাঙি যোৱাৰ সম্ভৱনা আছে।

কিন্তু কেন্দ্ৰীয় জল আয়োগে জনাইছিল যে অসম ইয়াৰ দ্বাৰা সিমান প্ৰভাৱিত নহয়, কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহু তলত আছে।

কিন্তু ধেমাজিত সাময়িকভাৱে জলস্তৰৰ বৃদ্ধি ঘটিব পাৰে। এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া জনসাধাৰণলৈ কেতবোৰ উপদেশ জাৰী কৰিছে। প্ৰশাসনে ব্ৰহ্মপুত্ৰত মাছ মৰা, গা ধোৱা, উটি অহা গছ ধৰা আদি কাম নিষেধ কৰিছে।

জিলা প্ৰশাসনে আৰু প্ৰকাশ কৰিছে যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিৰীক্ষণ কৰি থকা হৈছে। বিশেষ কোনো আশংকা নাই যদিও যি কোনো পৰিস্থিকৰ বাবে জিলা প্ৰশাসন প্ৰস্তুত বুলি জিলা প্ৰশাসনে জনাইছে।

বানপানীৰ সতৰ্কবাণী জাৰি কৰাৰ পাছত ডিব্ৰুগড় জিলা প্ৰশাসনেও ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে।

বানপানীৰ সতৰ্কবাণী জাৰি কৰাৰ পাছত ডিব্ৰুগড়, ধেমাজি লখিমপুৰ আৰু তিনিচুকীয়া জিলাত ইতিমধ্যে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।