অৱসৰৰ কথা ভবা নাই ধোনীয়ে

dhonii

 

বিগত বৰ্ষৰ বিশ্ব কাপৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে কোনো খেল খেলা নাই।

এক কথাত ধোনীয়ে দীৰ্ঘদিন ধৰি ক্ৰিজত নমা নাই।

মঙলবাৰে  ধোনীয়ে ৩৮টা বসন্ত অতিক্ৰম কৰি ৩৯ টা বছৰত ভৰি দিলে।

দীৰ্ঘদিন ক্ৰিকেটৰ সৈতে সম্পৰ্ক নথকা ধোনীয়ে ক্ৰিকেটৰ পৰা অৱসৰ লব নেকি বুলি এতিয়া বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে।

প্ৰায় এবছৰৰো অধিক কাল দেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় খেলত পৰা আঁতৰি থকা ধোনীৰ ক্ৰিকেটৰ কেৰিয়াৰৰ যৱনিকা পৰিল বুলিয়েই বহুতে ভাবি আহিছে।

অনুৰাগীৰ মনত নানান ধৰণৰ চিন্তাই বাহ লোৱাৰ সময়তে ধোনীৰ মেনেজাৰ মিহিৰ দিবাকৰে এইবুলি কৈছে যে ক্ৰিকেটৰ পৰা ধোনীয়ে অৱসৰ লোৱাৰ কথা ভবা নাই।

সংবাদ মাধ্যমৰ আগত ধোনীৰ মেনেজাৰে কৈছে যে ক্ৰিজত নমাৰ বাবে ধোনীৰ মন এতিয়াও তজবজীয়া হৈ আছে।

চেন্নাই চুপাৰ কিঙৰ বাবে অনুশীলন কৰিবলৈ ধোনীয়ে চেন্নাইতে বহু দিন থকা বুলি দিৱাকৰে কয়।

ধোনীয়ে আই পি এলৰ খেলৰ বাবে পূৰ্ণ প্ৰস্ততি চলাই আছিল বুলিও মেনেজাৰ মিহিৰ দিৱাকৰে সদৰী কৰে।

অৱশ্যে ক’ৰ’ণাতংকৰ বাবে আই পি এল কেতিয়া অনুষ্ঠিত হয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।