NORTHEAST NOW (Assamese)

ধোনীৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল? কেপ্তেইন কুলৰ সন্দৰ্ভত কি ৰায় অভিনেত্ৰী ৰাই লক্ষ্মীৰ

August 26, 2023 3:25 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ২০১০ চনত সাক্ষী সিং ৰাৱটৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰ পৰা ১৩ বছৰ ধৰি তেওঁলোকে সুখেৰে জীৱন কটাইছে। কন্যা জীভা এতিয়া তেওঁলোকৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি। সাক্ষীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ধোনীৰ কোনো নাৰীৰ সৈতে কোনো সম্পৰ্ক নাই যদিও বিয়াৰ পূৰ্বে কেইবাগৰাকীও নাৰীৰ সৈতে ক্ৰিকেটাৰগৰাকীৰ সম্পৰ্কৰ গুণগুণনি শুনা গৈছিল।

ধোনীৰ সম্পৰ্কৰ গুঞ্জনৰ ভিতৰত এগৰাকী আছিল অভিনেত্ৰী দীপিকা পাডুকন। ধোনীৰ আৰু অন্ততঃ আন এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্ক থকা বুলি চৰ্চা চলিছিল। কিন্তু অৱশেষত কোনো সম্পৰ্কই অৱশ্যে বাস্তৱ নহ’ল। ধোনীয়ে সাক্ষীৰ লগতেই বন্ধনত সোমাল। তেওঁ চাগে আৰু পুৰণি সম্পৰ্কৰ কথা নাভাবে। কিন্তু ধোনীৰ প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাসকলে তেওঁলোকৰ সম্পৰ্কৰ কথা এতিয়াও মনত ৰাখিছে।

২০০৮-২০০৯ চনলৈকে তামিল অভিনেত্ৰী ৰাই লক্ষ্মীৰ সৈতে ধোনীৰ সম্পৰ্ক আছিল। ২০০৮ চনত আৰম্ভ হৈছিল আই পি এল। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনী ক্ৰিকেট কেৰিয়াৰৰ মাজভাগত আছিল। তেতিয়া তেওঁৰ খ্যাতি আকাশলংঘী। লক্ষ্মী তেতিয়া এগৰাকী উদীয়মান অভিনেত্ৰী। এইগৰাকী সুন্দৰী অভিনেত্ৰী ধোনীৰ প্ৰেমত পৰিল।

ধোনীয়েও চাগে এই অভিনেত্ৰীগৰাকীৰ আকৰ্ষণৰ পৰা সাৰি যাব পৰা নাছিল। এই সম্পৰ্ক ২ বছৰ ধৰি চলিছিল। ২০০৮ চনৰ প্ৰথম আই পি এলত প্ৰতিখন মেচৰ পিছত পাৰ্টি আছিল। সেই পাৰ্টিত ধোনিৰ লগত ৰাই লক্ষ্মীক দেখা গৈছিল। জন্মদিনত চেন্নাই ছুপাৰ কিংছ আৰু ৰাষ্ট্ৰীয় দলৰ সতীৰ্থ সুৰেশ ৰাইনাৰ সৈতে উপস্থিত হৈছিল ধোনী। কিন্তু এই সম্পৰ্ক অৱশেষত ভাঙি গ’ল।

ধোনিৰ সৈতে সম্পৰ্ক সন্দৰ্ভত লক্ষ্মীয়ে কয়, ‘মই বিশ্বাস কৰোঁ, ধোনীৰ সৈতে মোৰ সম্পৰ্ক এটা দাগ বা এটুকুৰা ঘাঁৰ দৰে। বহু বছৰলৈ এই সম্পৰ্কৰ আঁচোৰ থাকিব।‘

ৰাই লক্ষ্মীৰ সৈতে বিচ্ছেদ ঘটাই ধোনীয়ে সাক্ষীৰ সৈতে নতুন সম্পৰ্ক গঢ়ি তুলিছিল। বিয়াও পাতিলে। ফলত ধোনীৰ ব্যক্তিগত জীৱনে নতুন ৰূপ লৈছিল। লক্ষ্মীৰ জীৱনেও এটা বেলেগ গতি লয়। এইগৰাকী অভিনেত্ৰী তামিল, তেলেগু, হিন্দী ছবিত অভিনয় কৰিছে। অজয় দেৱগনৰ সৈতে ‘ভোলা’ত অভিনয় কৰিছিল ৰাইলক্ষ্মীয়ে। ইয়াৰ উপৰিও লক্ষ্মীয়ে সোণাক্ষী সিনহাৰ সৈতে ‘আকিৰা’ ছবিত অভিনয় কৰিছিল।

সৰু পৰ্দাত কেইবাটাও শ্ব’তো তেওঁক দেখা গৈছে। লক্ষ্মীয়ে অভিনয়ৰ বাবেও বহু বঁটা লাভ কৰিছে। কেৰিয়াৰত সফলতা লাভ কৰাৰ পিছতো লক্ষ্মীয়ে মনত আছে ৰাখিছে ধোনীৰ সৈতে থকা সম্পৰ্কৰ কথা। ধোনীৰ প্ৰতি তেওঁ আজিও কৰ’বাত দুৰ্বল। অভিনেত্ৰীগৰাকীয়ে সেই কথা বুজাই দিছে।

Related News