দেউতাকে নেপালত “বন্ধক”ত থৈ অহা অসমৰ শিশু ঘৰ ওলালহি

৩ লাখ নেপালী মুদ্ৰাৰ বিনিময়ত বন্ধকত দিয়া হৈছিল ধুবুৰীৰ শিশুটিক

NepalRescued Boy

শিশুটিক নেপালৰ পৰা আনিবলৈ যোৱা ধুবুৰী জিলাৰ শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱা আৰু তেওঁৰ দলটো শিশুটিৰ সৈতে।

মাক-দেউতাকক আটাইতকৈ বেছি আস্থাত লৈ জীৱনৰ বাটত খোজ আৰম্ভ কৰাৰ সময়তে নিজৰ দেউতাকেই নেপালত বন্ধকত দি থৈ অহা অসমৰ এটি শিশু ন মাহৰ পিছত নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে।

দেউতাক ইছমাইল শ্বেইখে টকাৰ বিনিময়ত এটা ইটাভাতীত “বন্ধকী” (mortgaged) হিচাপে থৈ অহা ১১ বছৰীয়া শিশুটোক নেপালৰ বেচৰকাৰী সংগঠন Voice of Child-এ উদ্ধাৰ কৰি ২ জুনত অসমৰ ধুবুৰীৰ District Child Protection Officer (DCPO)ৰ নেতৃত্বত যোৱা এটা চাৰিজনীয়া দলৰ হাতত তুলি দিয়ে।

ইছমাইল শ্বেইখৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অধীনৰ ডোবাচুৰি-১ গাঁৱত।

ধুবুৰী জিলাৰ শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয়, “ধুবুৰী জিলাৰ এটা শিশু যোৱা কেইবামাহ বন্ধকী হিচাপে নেপালৰ এটা ইটাভাতীৰ মালিকৰ হাতত বন্দী হৈ থকা কথাটো আমি মানৱ সৰবৰাহৰ ওপৰত কাম কৰি থকা দাৰ্জিলিঙৰ Duars EXPRESSmail নামৰ বেচৰকাৰী সংগঠনৰ পৰা জানিব পাৰো”।

বিষয়াজনে জনোৱা মতে তাৰ পিছতে তেওঁলোকে উক্ত বেচৰকাৰী সংগঠনটোৰ সঞ্চালক ৰাজু নেপালীয়ে দিয়া তথ্যখিনি লৈ নেপালৰ গৃহ মন্ত্ৰ্যালয়ক লগ কৰে। তথ্যখিনি নেপাল চৰকাৰ দি সহায় বিচাৰে। ইয়াৰ পিছতে সাপটাৰি জিলাৰ প্ৰশাসনে শিশুটোক ৭ মে’ ২০১৯-ত Ratan Kilns & Bricks Factory নামৰ ইটাভাতীৰ পৰা উদ্ধাৰ কৰে।

এই সমন্বয় আৰু সহযোগিতাৰ মাজেৰে বন্ধকীৰ পৰা মুক্ত হৈ শিশুটি যোৱা ২ জুনত ঘৰ আহি পায়।

শিশুটিয়ে তেওঁক তাত “মালিক”-এ কৰা মানসিক, শাৰীৰিক অত্যাচাৰৰো বৰ্ণনা দিয়াৰ লগতে দেউতাকে বন্ধকীত আনৰ হাতত গতাই থৈ অহা বুলি নিজেই স্বাকীৰ কৰে।

তেওঁক ৩ লাখ নেপালী মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল, জনালে শিশুটিয়ে।

ধুবুৰী শিশু কল্যাণ কমিটীৰ অধ্যক্ষা ছবিনা বেগমে কয়, “আমি অতি আচৰিত হৈছো যে নিজৰ দেউতাকেই শিশুটিক বিক্ৰী কৰিছিল”।

ছবিনা বেগমে জনোৱা মতে, শিশুটিৰ দেউতাকে ইটাভাতীত শ্ৰমিক যোগানৰ ঠিকা লৈছিল।

জানিব পৰামতে, উক্ত ইটাভাতীৰ বাবে শ্ৰমিক যোগানৰ প্ৰতিশ্ৰুতিৰে ইছমাইল শ্বেইখে মালিকৰ পৰা বৃহত অংকৰ ধন আগধন হিচাপে লৈছিল। আৰু বন্ধক হিচাপে নিজৰ ১১ বছৰীয়া ল’ৰাটোকে দি আহিছিল।

উদ্ধাৰ কৰা শিশুটিক ধুবুৰী জিলাৰ ফলিমাৰিত থকা ছায়া চাইল্ড হোমলৈ প্ৰেৰণ কৰা হৈছে।

“অভিযুক্ত দেউতাকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে আগ বাঢ়িছে”, ছবিনা বেগমে কয়।