NORTHEAST NOW (Assamese)

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 18, 2026 1:08 am

দেশত টাইপ-২ ডায়েবেটিছ ত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। যদিও ডায়েবেটিছ পুৰুষৰ সংখ্যাই অধিক, তথাপিও বিশেষজ্ঞসকলে কৈছে যে এই ৰোগে মহিলাৰ শৰীৰত অধিক জটিল সমস্যা সৃষ্টি কৰে। গৱেষণাত দেখা গৈছে, ডায়েবেটিছ থকা মহিলাসকলৰ হৃদৰোগ, বৃক্কৰ সমস্যা আৰু আন বহু জটিলতা পুৰুষৰ তুলনাত যথেষ্ট বেছি হ’ব পাৰে। সেইবাবে মহিলাসকলে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো বিশেষভাৱে জৰুৰী।

 ন্যাশনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি বিশ্বজুৰি ডায়েবেটিছ ত আক্ৰান্ত পুৰুষৰ সংখ্যা মহিলাতকৈ প্ৰায় ১৭.৭ মিলিয়ন বেছি। কিন্তু ৰোগৰ প্ৰভাৱৰ ক্ষেত্ৰত ছবিখন একেবাৰে বেলেগ। ‘ৰিচাৰ্চ ছ’চাইটি ফৰ দ্য ষ্টাডি অৱ ডায়েবেটিছ ইন ইণ্ডিয়া’ (RSSDI)-ৰ বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিছ নথকা পুৰুষৰ তুলনাত ডায়েবেটিছ থকা পুৰুষৰ হৃদৰোগৰ আশংকা প্ৰায় ৫০ শতাংশ বৃদ্ধি পায়। আনহাতে ডায়েবেটিছ নথকা মহিলাৰ তুলনাত ডায়েবেটিছ থকা মহিলাৰ হৃদৰোগৰ আশংকা প্ৰায় ১৫০ শতাংশলৈ বৃদ্ধি পায়। অৰ্থাৎ এই ক্ষেত্ৰত মহিলাৰ বিপদ বহু গুণ বেছি।

চিকিৎসকসকলৰ মতে, মহিলাৰ জীৱনত বয়ঃসন্ধি, ঋতুস্ৰাৱ, গৰ্ভাৱস্থা আৰু মেনোপজৰ দৰে বিভিন্ন সময়ত হৰম’নৰ ডাঙৰ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনে শৰীৰত ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত প্ৰভাৱ পেলায়। ফলত মহিলাসকলৰ শৰীৰত ডায়েবেটিছ ৰ জটিলতা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক থাকে।

গৰ্ভাৱস্থাত বহু মহিলাৰ জেষ্টেচনেল ডায়েবেটিছ হয়। সন্তান জন্মৰ পিছত বহু ক্ষেত্ৰত এই সমস্যা কমি যায় যদিও পিছলৈ টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পায়। একেদৰে পলিচিষ্টিক অ’ভাৰী ছিণ্ড্ৰম বা পিচিঅ’এছ সমস্যাত ভোগা মহিলাসকলৰ শৰীৰত ইনচুলিন ৰেজিষ্টেন্স বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ ৰ সম্ভাৱনাও বাঢ়ে। মেনোপজৰ পিছত ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলতো ৰক্তত চেনিৰ মাত্ৰা অনিয়মিত হৈ পৰে আৰু ওজন বৃদ্ধি পায়।

অনিয়ন্ত্ৰিত ডায়াবেটিছে মহিলাৰ প্ৰজনন স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলাব পাৰে। ঋতুচক্ৰ অনিয়মিত হোৱাৰ লগতে গৰ্ভধাৰণৰ পৰিকল্পনা কৰা মহিলাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসকসকলৰ মতে, গৰ্ভধাৰণৰ আগতেই ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী। অন্যথা গৰ্ভপাত, সময়ৰ আগতে সন্তান জন্ম বা শিশুৰ জন্মগত সমস্যাৰ আশংকা বৃদ্ধি পাব পাৰে।

ইয়াৰ উপৰিও ডায়েবেটিছ থকা মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন বা ইউটিআই আৰু ভেজাইনেল ইনফেকচনৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায়। সময়মতে চিকিৎসা নকৰিলে এই সংক্ৰমণে বৃক্কতো ক্ষতি কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, স্বাস্থ্যকৰ জীৱনশৈলীয়ে টাইপ-২ ডায়েবেটিছ বহু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰে। সেউজীয়া শাক-পাচলি, ব্ৰাউন ৰাইচ, ওটছ, বাজৰা, জোৱাৰ, ডাল, কণী, মাছ, কম চৰ্বিযুক্ত মাংস, আপেল, পেঁপা, পেৰা, আমণ্ড আৰু আখৰোট খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। আনহাতে মিঠা পানীয়, ময়দাৰে তৈয়াৰী খাদ্য, হোৱাইট ব্ৰেড আৰু অতিমাত্ৰাৰ প্ৰচেছড খাদ্য এৰাই চলিব লাগে।

চিকিৎসকসকলে সপ্তাহত কমেও ১৫০ মিনিট দ্ৰুত গতিত খোজ কঢ়া, চাইকেল চলোৱা বা যোগব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ লগতে নিয়মীয়াকৈ ফাষ্টিং ব্লাড চুগাৰ আৰু HbA1c পৰীক্ষা কৰিলে ডায়েবেটিছ আৰম্ভণিৰ পৰ্যায়তে ধৰা পেলাব পাৰি আৰু ভৱিষ্যতৰ জটিলতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

‎ ‎

Related News