NORTHEAST NOW (Assamese)

ডায়েৰীয়া : কাৰণ, লক্ষণ আৰু প্ৰতিকাৰ

February 9, 2025 6:00 pm ·
Updated: February 9, 2025 3:38 pm

ডায়েৰীয়া এটা সাধাৰণ স্বাস্থ্য সমস্যা। কিন্তু উপযুক্ত চিকিৎসা আৰু যত্নৰ অভাৱত ই জটিল ৰূপ ধাৰণ কৰিব পাৰে। এই ৰোগৰ সৈতে সকলো লোকেই পৰিচিত। ই বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে এক গুৰুতৰ সমস্যা হব পাৰে।

ডায়েৰীয়া হল এনে এক অৱস্থা যৰোগীয়ে পাতল আৰু পানীযুক্ত পায়খানা কৰেসাধাৰণতে দিনত তিনিবাৰতকৈ বেছিকৈ এনেকুৱা হ’লে তাক ডায়েৰীয়া বুলি গণ্য কৰা হয়।

এই ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ।

ডায়েৰীয়াৰ কাৰণ

ডায়েৰীয়াৰ মূল কাৰণ হল পাচনতন্ত্ৰত সংক্ৰমণ। ইয়াৰ কাৰণসমূহ হল:

1. ভাইৰাছ: ৰটাভাইৰাছ আদি ভাইৰাছে ডায়েৰীয়াৰ সৃষ্টি কৰে।

2. বেক্টেৰিয়া: ই কলি, শিগেলা আদি বেক্টেৰিয়াৰ দ্বাৰা হব পাৰে।

3. পৰজীৱী: জিয়াৰ্ডিয়া আদি পৰজীৱীয়ে ডায়েৰীয়া সৃষ্টি কৰে।

4. দূষিত পানী আৰু খাদ্য: অস্বাস্থ্যকৰ পৰিৱেশ গ্ৰহণ কৰা দূষিত পানী আৰু অস্বাস্থ্যকৰ খাদ্যই ডায়েৰীয়াৰ সৃষ্টি কৰে।

5. অন্যান্য কাৰণ: কিছুমান ঔষধ, খাদ্যৰ অসহিষ্ণুতা, লিভাৰৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যআ আৰু বদহজমৰ বাবেও ডায়েৰীয়া হব পাৰে।

ডায়েৰীয়াৰ লক্ষণ

ডায়েৰীয়াৰ সাধাৰণ লক্ষণসমূহ হল:

পাতল আৰু পানীযুক্ত পায়খানা

পেটৰ বিষ

বমি বমি ভাব বা বমি হোৱা।

– দুৰ্গন্ধযুক্ত উগাৰ অহা।

জ্বৰ

ডিহাইড্ৰেচন

দুৰ্বলতা আৰু ক্লান্তি।

ডায়েৰীয়াৰ প্ৰতিকাৰ

ডায়েৰীয়া হলে তৎক্ষণাত চিকিৎসা কৰিব লাগে। ইয়াত কিছুমান সাধাৰণ প্ৰতিকাৰ হল:

১. ডিহাইড্ৰেচনৰ পৰা ৰক্ষা পাবলৈ তথা শৰীৰটোক সজীৱ কৰি ৰাখিবলৈ কৰিবলৈ ORS বা চেনি আৰু নিমখ মিহলোৱা পানী খাব লাগে।

২. সদায় বিশুদ্ধ পানী খাব লাগে।

৩. সহজে হজম হব পৰা খাদ্য যেনে ভাত, আলু, কণী, কল আদি খাব লাগে।

৪. ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰিব লাগে।

৫. পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে

ডায়েৰীয়া প্ৰতিৰোধ

ডায়েৰীয়া ৰোধ কৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে:

১. খোৱাৰ আগত আৰু শৌচাগাৰৰ পৰা অহাৰ পিছত ভালকৈ চাবোনেৰে হাত ধুব লাগে।

২. খাদ্য পৰিষ্কাৰকৈ ৰান্ধি খাব লাগে।

৩. শিশুক ৰটাভাইৰাছৰ টিকা দিব লাগে।

ডায়েৰীয়া এটা সাধাৰণ সমস্যা যদিও ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে। সঠিক জ্ঞান আৰু সাৱধানতাৰে ইয়াক ৰোধ কৰিব পাৰি। ডায়েৰীয়া হলে তৎক্ষণাত চিকিৎসা কৰিব লাগে

Related News