ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত দেওবাৰে শংকাই নামেৰে খ্যাত ব্যৱসায়ী উত্তম গগৈৰ হত্যাকাণ্ডৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
ধৃত ব্যক্তিকেইজন হৈছে উত্তম হহৈৰ পত্নী সোণোৱাল গগৈ আৰু তেওঁৰ কন্যা আৰু আন দুজন ব্যক্তি।
যোৱা ২৫ জুলাইত জমিৰাৰ লাহন গাওঁত থকা নিজ বাসগৃহত উদ্ধাৰ হৈছিল উত্তম গগৈৰ মৃতদেহ।
প্ৰাৰম্ভিক খবৰ অনুসৰি তেওঁৰ পৰিয়ালে কৰ্তৃপক্ষক জনাইছিল যে তেওঁৰ ষ্ট্ৰোক হৈছে। অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে মৃত্যু সন্দৰ্ভত সন্দেহৰ সৃষ্টি হয়।
উত্তম গগৈৰ ভাতৃয়ে কয় যে ২৫ জুলাইৰ পুৱা প্ৰায় ৮:৩০ বজাত মোক জনোৱা হৈছিল যে মোৰ দাদাৰ ষ্ট্ৰোক হৈছে। কিন্তু যেতিয়া মই তেওঁৰ ঘৰত উপস্থিত হওঁ, তেতিয়া দেখো যে তেওঁৰ মৃত্যু হৈছে। কিন্তু তেওঁৰ কাণখন কাটি গৈছে। যদি ষ্ট্ৰোক হ’লহেঁতেন তেন্তে এনে কিয় হ’ব? সন্দেহ হোৱাত মই লগে লগে আৰক্ষীক খবৰ দিলোঁ।
তেওঁ আৰু কয়, “এয়া আছিল পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড। মোৰ বিশ্বাস তেওঁলোকে মোৰ দাদাক হত্যা কৰিবলৈ হত্যাকাৰী নিয়োগ কৰিছিল। আমি ইয়াৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি দাবী কৰিছো।”
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে উত্তম গগৈৰ কন্যাই অপৰাধ স্বীকাৰ কৰিছে।