আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আজুৰিলে ডিব্ৰুগড়ৰ তনভীয়ে

Tanvi Baruah

তনভী তনয়া বৰুৱা

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত যোৱা ২৬ৰ পৰা ৩০ ডিচেম্বৰলৈকে চি টি-ৰিঅ’ স্কুল অব ইণ্ডিয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ তনভী তনয়া বৰুৱাই দুটাকৈ সোণৰ পদক লাভ কৰে। খেলুৱৈগৰাকীৰ এই সাফল্যই ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰতিযোগিতাখনৰ ১০ বছৰ অনূৰ্ধ্বৰ শাখাত তনভীয়ে কাৰাটেৰ দুয়োটা বিভাগ ক্ৰমে কাটা আৰু কুমিটেত অংশগ্ৰহণ কৰি এই সফলতা অৰ্জন কৰে। তনভীৰ এই প্ৰদৰ্শনত প্ৰতিযোগিতাখনত উপস্থিত থকা নেপাল, বাংলাদেশ, ডেনমাৰ্ক, শ্ৰীলংকা, উজবেকিস্তান, ছুইডেন, আফগানিস্তানকে আদি কৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা খেলুৱৈ তথা প্ৰশিক্ষকসকলে ভূয়সী প্ৰশংসা কৰে। 

ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰ নিৱাসী ভুৱনজ্যোতি বৰুৱা আৰু ববিতা বৰুৱাৰ কনিষ্ঠা কন্যা তনভী সত্ৰীয়া নৃত্য আৰু সংগীতৰ ক্ষেত্ৰতো সমানেই পাৰদৰ্শী। জানিব পৰা মতে, অলপতে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা তৃতীয় ডিব্ৰুগড় মহোৎসৱস্থলীত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাতো তনভীয়ে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তনভীয়ে প্ৰশিক্ষক নয়নজ্যোতি পাংগিঙৰ অধীনত ২০১৫ বৰ্ষৰ পৰা সমৰকলাৰ শিক্ষা গ্ৰহণ কৰি অহাৰ উপৰি আন্মনা হাজৰীকাৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।