চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Assam govt buy PPE kits from China

ক’ভিদ মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত ২০২০ চনৰ ১৫ এপ্ৰিলৰ নিশা অসমৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ এখন ফটো প্ৰচাৰ কৰিছিল। এখন বাণিজ্যিক বিমানৰ সন্মুখত ৰৈ তোলা এই ফটোখনৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই এক তথ্যও সন্নিৱিষ্ট কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাই চীনৰ গুৱাংঝৌৰ এটা প্ৰতিষ্ঠানৰ পৰা অসম চৰকাৰে পি পি ই কিটৰ এক বৃহৎ পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰা বুলি দাবী কৰিছিল। “যদিও ভাৰত চৰকাৰে চীনৰ পৰা ১.৭০ লাখতকৈও অধিক পি পি ই কিট ক্ৰয় কৰিছে, আমি চীনৰ গুৱাংঝৌৰ পৰা ৫০,০০০ পি পি ই কিট ক্ৰয় কৰিছো। সম্ভৱতঃ প্ৰথম বাৰৰ বাবে দেশৰ কোনো এখন ৰাজ্যই নিজে এইদৰে বেলেগ দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে।”- বিমানবন্দৰত সাংবাদিকৰ আগত এইদৰে উল্লেখ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু অসম চৰকাৰে সঁচাকৈয়ে চীনৰ পৰা পি পি ই কিট ক্ৰয় কৰিছিল নে?

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন(এনএইচএম) অসমৰ মতে, ৰাজ্য চৰকাৰে কেতিয়াও কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল।

দ্য ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, অসম এনএইচএমে এক আৰ টি আই- ৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ দাবীক সম্পূৰ্ণ নাকচ কৰিছে। দ্য ৱায়াৰৰ প্ৰতিবেদন অনুসৰি এনএইচএম, অসমে কোনো সময়তে চীনৰ পৰা কোনো পিপিই কিট ক্ৰয় কৰা নাছিল বুলি আৰ টি আই- ৰ উত্তৰত কয়।

অসম এন.এইচ.এম.-এ কেৱল দেশৰ ভিতৰতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক পি.পি.ই. কিটৰ অৰ্ডাৰ দিছিল বুলি আৰ টি আইৰ- উত্তৰত উল্লেখ কৰা হৈছে।পি.পি.ই. কিট ক্ৰয় কৰাৰ বাবে আন কোনো দেশলৈ ধনৰ লেনদেন কৰা ব্যক্তিসকলৰ বিষয়ে কোনো তথ্য নাই বুলিও ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

অসম চৰকাৰে চীনৰ পৰা পি পি ই কিট ক্ৰয় কৰা বুলি যি দাবী কৰিছিল, সেই ক্ৰয়ৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰা পুঁজিৰ পৰিমাণৰ বিষয়ে নিশ্চিত তথ্য প্ৰকাশ কৰিবলৈ আৰ টি আই যোগে আহ্বান জনোৱাৰ পিছত এনএইচএমে পুনৰ কয় যে কোনো সময়তে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় বা পৰিবহন কৰা নাই, তথা এই উদ্দেশ্যৰ বাবে কোনো ধন পৰিশোধ কৰা নাই।

এন.এইচ.এম.-এ লগতে কয় যে বিভাগটোৱে চীনৰ পৰা কোনো পি.পি.ই. কিট লাভ কৰা কৰা নাছিল আৰু সেয়েহে এই সন্দৰ্ভত এন.এইচ.এম., অসমৰ হাতত কোনো তথ্য নাই।

ইফালে, দ্য ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টে যুটীয়াভাৱে অসম স্বাস্থ্য বিভাগ আৰু অসম বিত্ত বিভাগলৈ এক মেইল প্ৰেৰণ কৰি ২০২০ চনৰ ২৯ মাৰ্চত দিল্লীৰ কোনো যোগানকৰ্তাৰ দ্বাৰা ৫০,০০০ পি পি ই কিটৰ অৰ্ডাৰ দিছিল নেকি সেই বিষয়ে তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।