অৱশেষত বিয়াত বহিল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মোহন ওৰফে দ্বীপজ্যোতি কেওট। জনপ্ৰিয় কৌতুক অভিনেতা মোহনৰ বিয়াক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা।
বৃহস্পতিবাৰে নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় দ্বীপজ্যোতি কেওট।
সাংস্কৃতিক জগতৰ লগত জড়িত থকা অনেক লোকৰ উপস্থিতিত হোমাগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে দ্বীপজ্যোতি ওৰফে মোহনে।
ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে মোহনৰ বিয়াৰ বিভিন্ন ফটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
উল্লেখ্য যে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কমলৰ ভনীয়েকক বিয়া পতাৰ কথা আছিল মোহনে। সেয়া আছিল ৰীল লাইফ। কিন্তু ৰীয়াল লাইফত মাক-দেউতাকে চাই দিয়া বিদিশা ভূঞাকহে জীৱন সংগী হিচাপে নিৰ্বাচন কৰিলে মোহনে।