অসম কংগ্ৰেছৰ মাজত থকা দলিয়াদলি একো নতুন কথা নহয়। তৰুণ গগৈৰ মৃত্যুৰ পিছত, অসমত এতিয়া সকলোৱে সন্মান কৰা আৰু মানি চলা দ্বিতীয় এজন কংগ্ৰেছী নেতা নাই।ক্ষমতাত নথকা দল এটাৰ বাবে সকলোকে এক কৰি ৰখাটোও ইমান সহজ কথা নহয়। কংগ্ৰেছৰ তুলনাত বিজেপিক সকলোৱে এটা সুসংহত দল বুলি কয়।
তাতে, তেওঁলোক যিহেতু এতিয়া ক্ষমতাত আছে, মুখ্যমন্ত্ৰী বা ৰাজ্যিক সভাপতিক কোনো এজন নেতাই মন গ’লেই অমান্য কৰাটোও ইমান সহজ কথা নহয়।কিন্তু কি বিজেপিত কোনো বাদ, বিবাদ বা বিসম্বাদ নাই নেকি? কথাটো তেনে নহয়। কালি, সংঘ পৰিয়ালৰ ঘনিষ্ঠ ‘স্বৰাজ্য’ আলোচনীত প্ৰকাশিত ‘When Party Looks Like A Coalition: Assam BJP’s Divided House’ শীৰ্ষক প্ৰতিবেদনত অসম বিজেপিৰ ভিতৰ চ’ৰাৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি আৰু বিভাজনৰ বিষয়ে উল্লেখ কৰা হৈছে। অৱশ্যে, ইয়াৰ আগতেও তাৰ কিছুমান ইংগিত আমি স্পষ্টকৈ দেখিছিলোঁ।এই প্ৰতিবেদনখনত কি কোৱা হৈছে? তাৰ আগতে উল্লেখ কৰা উচিত হ’ব যে অসম বিজেপিৰ নৱনিৰ্বাচিত সভাপতিজন হ’ল আগৰে পৰা আৰ এচ এচৰ লগত জড়িত ব্যক্তি।তেওঁ সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কোৱা এটা কথা আমাৰ সকলোৰে মনত আছে।তেওঁ কৈছিল যে নেতাৰ পিছে ঘূৰি ফুৰাটো বিজেপিৰ সংস্কৃতি নহয়।অসম বিজেপিত পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজৰ সংঘাতটোও একো নতুন কথা নহয়।বিজেপি ক্ষমতালৈ অহাৰ বহু বছৰ আগতে দীৰ্ঘদিন ধৰি দলৰ প্ৰতি নিষ্ঠাবান লোকে এচামে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ ৰাজ্যখনত অহোপুৰুষাৰ্থ কৰি আছিল।কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি এক বুজন সংখ্যক লোক বিজেপিত যোগদান কৰিছিল।
কংগ্ৰেছৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰা এই লোকসকলৰ নেতৃত্ব দিছিল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।এই সন্দৰ্ভত নিজৰ নাম প্ৰকাশত অনিচ্ছুক বিজেপি নেতা এজনৰ বক্তব্য লক্ষ্য কৰিবলগীয়া।তেওঁ কৈছেঃ “অসমত যেতিয়া কোনেও বিজেপিৰ কথা শুনিব বিচৰা নাছিল তেতিয়া আমি সংগঠনটি ধৰি ৰাখছিলোঁ।অথচ, যিসকলে এসময়ত আমাৰ বিৰোধিতা কৰিছিল এতিয়া তেওঁলোকে ক্ষমতা ভোগ কৰি আছে আৰু আমি দলৰ ভিতৰতে এলাগী হৈ পৰিছোঁ” (We built this party from the ground up when no one gave BJP a chance in Assam. Now those who once opposed us are enjoying the power while we are sidelined.)আজি কেইদিনমান আগতে, পুৰণি বিজেপিৰ নেতা ৰাজেন গোহাঁই আৰু মৃণাল শইকীয়াই মুখ্যমন্ত্ৰী শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত পিয়ুজ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাক মুকলিকৈ সমালোচনা কৰিছিল।নলবাৰী সমষ্টিৰ পূৰ্বৰ এম এল এ অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কথাটো আমি সকলোৱে জানো।
কিন্তু নবিজেপিৰ কথাৰ সুৰেই বেলেগ। তেওঁলোকৰ মাজৰ এজনে কৈছেঃ “ৰাজনীতিত নিৰ্বাচন জিকাটোৱে হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। পুৰণি বিজেপি নেতা সকলে বুজিপোৱা উচিত যে এতিয়া সময় সলনি হৈছে।নিৰ্বাচন জিকাত পাকৈত অভিজ্ঞ ৰাজনীতিক অবিহনে আজি য’ত আছে সেই ঠাই বিজেপিয়ে কেতিয়াও নাপালেহেঁতেন” (Politics is about winning. The old BJP leaders need to understand that times have changed. Without experienced politicians who know how to win elections, the party wouldn’t be where it is today.)
বিজেপিৰ মাজত দেখা দিয়া মতবিৰোধৰ বৰ্হিপ্ৰকাশ ভাৰতীয় যুৱ জনতা মৰ্চাৰ মাজতো দেখা গৈছে। বিজেপিৰ পূৰ্বৰ সভাপতি ভবেশ কলিতাই এসময়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি ৰাকেশ দাসক ২০২৪ চনৰ জুলাই মাহত ভাৰতীয় যুৱ জনতা মৰ্চাৰ অসম শাখাৰ সভাপতি হিচাপে নিযুক্তি দিছিল।তাৰ প্ৰধান কাৰণ আছিল এন এচ ইউ আইৰপৰা অহা কৰ্মী আৰু সংঘৰ লগত পূৰ্বৰে পৰা থকা কৰ্মী সকলৰ মাজৰ সংঘাতৰ অৱসান ঘটোৱা। কিন্তু এতিয়াও সেই সংঘাতৰ অৱসান ঘটা নাই।আনকি দাসে এতিয়ালৈকে স্থায়ী কমিটি এখনেই গঠন কৰিব পৰা নাই।একেই কথা লক্ষ্য কৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ ক্ষেত্ৰতো। আজি কিছুদিন আগতে ভবেশ কলিতাক আঁতৰাই সংঘ পৰিয়ালৰ দীৰ্ঘদিনীয়া কৰ্মী লোক সভাৰ সদস্য দিলীপ শইকীয়াক অসম বিজেপিৰ সভাপতি পতা হৈছিল।কিন্তু দলৰ মাজত থকা খামখেয়ালিৰ বাবে আজি পৰ্যন্ত শইকীয়াই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিখনেই গঠন কৰিব পৰা নাই।আজি দুদিন আগতে ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত দেখুৱা অভব্য আচৰণৰ ক্ষেত্ৰতো অসম বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ অৱস্থান একে নহয়।
সভাপতিয়ে ৰূপজ্যোতি কুৰ্মীক তেওঁৰ ব্যৱহাৰৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে।কিন্তু মুখ্যমন্ত্ৰীয়ে এজন চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ হোৱা বাবেহে ৰূপজ্যোতি কুৰ্মী ইমান আক্ৰমণৰ বলি হোৱা বুলি খেদ প্ৰকাশ কৰিছে।অসমত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ এবছৰ থকাৰ সময়ত বিজেপিৰ শীৰ্ষনেতৃত্বৰ এই সংঘাতে ভৱিষ্যতলৈ কি ৰূপ লয় সেইটো সঁচাই লক্ষণীয় হ’ব। প্ৰতিবেদনটো ‘স্বৰাজ্য’ৰ দৰে আলোচনী এখনত প্ৰকাশ পোৱা কথাটোৱে ঘটনাটো আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।