NORTHEAST NOW (Assamese)

বিলাসীপাৰা মহাবিদ্যালয়ত ড০ বাণীকান্ত কাকতি ডিজিটেল গ্ৰন্থাগাৰ,নৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী পঠনকক্ষ উদ্বোধন

November 12, 2022 6:11 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে শনিবাৰে নামনি অসমৰ ধুবুৰী জিলাৰ বাণিজ্য , সাহিত্য সংস্কৃতি আদিৰে চহকী বিলাসীপাৰা চহৰত অৱস্থিত “বিলাসীপাৰা মহাবিদ্যালয় “ত ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ নতুন ভৱন,ড০ বাণীকান্ত কাকতি ডিজিটেল গ্ৰন্থাগাৰ আৰু নৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী পঠনকক্ষ উদ্বোধন কৰে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি ড০ পেগুৱে কয় যে ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিযোগিতামূলক পৰিৱেশত নিজক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব আৰু গভীৰভাৱে অধ্যয়নত মনোনিবেশ কৰিব লাগিব বুলি কৈ শৈক্ষিক দিশত এক লেখত লবলগীয়া বক্তব্য প্ৰদান কৰি  সভাত উপস্থিত সকলোকে আপ্লুত কৰে।

এই গ্ৰন্থাগাৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে এখন ৰাজহুৱা সভাৰো আয়োজন কৰা হয়। এই সভাত অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ সন্মানিত ডক্টৰেট অশোক কুমাৰ সিংঘী, বিলাসীপাৰা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৌতম চৌধুৰী, বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিশ্বজিৎ বিশ্বাস, অসম চৰকাৰৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়া , বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক তথা পৰিৱেশ অধ্যয়নৰ অধ্যাপক ড০হৰিচৰণ দাস প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি , শিক্ষা প্ৰেমী ৰাইজ আৰু ছাত্ৰ ছাত্ৰী উপস্থিত অংশ গ্ৰহণ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related News