লাহৰীঘাটত বিধ্বস্ত বাট-পথে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক

a road

পৰিৱৰ্তনৰ আশাত ৰাইজে ভোট দান কৰি ক্ষমতাৰ গাদীত বহোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই লগ এৰা নাই লাহৰীঘাট বাসীক।

উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ কুশতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা লাউভূৰুঙ্গা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা শান্তিপুৰ হৈ গৰাপাৰৰ জে জি কে পি গড়কাপ্তানি পথ সংযোগী তিনি কিলোমিটাৰ পথ যাতায়াতৰ বাবে আজিও সুচল হৈ নুঠিল।

এজাক বৰষুণ হলেই স্কুল-কলেজৰ ছাত্র ছাত্ৰী সকলকে ধৰি গাঁওবাসীয়ে অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈ পৰে।

আনকি এতিয়াও পথটোৰ এটা ভগ্ন অংশত পানী আছে আৰু এই পানীৰে গৰাপাৰ, শান্তিপুৰ,লাউভূৰুঙ্গা গাঁও বাসীকে ধৰি বৃহত্তৰ অঞ্চলবাসীয়ে যাতায়াত কৰিব লগা হৈছে।

ইফালে এই গুৰুত্বপূৰ্ণ পথটোৰ এটা মূৰত দুখনকৈ বিদ্যালয় আৰু আনটোৰ মূৰত এখন খেল পথাৰ আৰু দুখনকৈ বিদ্যালয় আছে যদিও চৰকাৰ তথা স্থানীয় পঞ্চায়তেও পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া অভিযোগ উঠিছে।

প্ৰণিধানযোগ্য যে উল্লিখিত পথটো উন্নীতকৰণৰ সন্দৰ্ভত চলিত বছৰৰ প্ৰথম পৰ্যায়তে মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ঋতুৰাজ বৰাৰ হাতত স্থানীয় মহিলা সকলে এখন আবেদন দিছিল যদিও আজিলৈকে স্থানীয় ৰাইজে কোনো সুফল নাপালে।

একেদৰেই পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত এবছৰৰ পূৰ্বে মৰিগাঁও জিলা গড়কাপ্তানি বিভাগ (বৰ্তমান লোক নিৰ্মাণ বিভাগ)ত পথটোৰ নাম অন্তর্ভূক্ত কৰাৰ বাবে আবেদন কৰাৰ লগতে বৰ্তমানেও লোক নিৰ্মাণ বিভাগৰ মৰিগাঁও সংমণ্ডলত তাঁত বাটি কাঢ়ি থকা হৈছে যদিও পথটোৰ প্ৰতি সংশ্লিষ্ট বিভাগটোৱে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

এই ক্ষেত্ৰত এতিয়া বানবিধস্ত স্থানীয় ৰাইজে পথটো উন্নয়নত গুৰুত্ব দিবলৈ জিলা উপায়ুক্ত গৰাকীক দাবী জনাইছে।