অসম অলিম্পিক সন্থাৰ অধীনলৈ আহিব ডিমা হাচাও স্প’ৰ্টছ এচ’চিয়েছন

অসম অলিম্পিক সন্থাৰ অধীনলৈ আহিব ডিমা হাচাও স্প’ৰ্টছ এচ’চিয়েছন। অলপতে ডিমা হাচাও ভ্ৰমণলৈ অহা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু উপ সভাপতি বিষ্ণুৰাম নুনিচা হাফলঙত উপস্থিত হৈ ডিমা হাচাও স্প’ৰ্টছ এচ’চিয়েছনৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম তথা স্পোৰ্টছ এচ’চিয়েছনৰ সভাপতি দেব’লাল গাৰ্লচা, পাৰ্বত্য পৰিষদৰ ক্ৰীড়া বিভাগৰ ই এম গলঞ্জ থাউচেন, হাফলং মিউনিচিপাল ব’ৰ্ডৰ চেয়াৰমেন মঞ্জিত নাইডিং, সন্থাৰ সম্পাদক  টি টি দাউলাগুপু, ৰাজেশ মহাজন, পৃত্থীশ ভট্টাচাৰ্য, সুদীপ দে, জাগিৰ খান আদিৰ উপৰি ডিমা হাচাও  স্প’ৰ্টছ এচ’চিয়েছনৰ অধীনৰ  বিভিন্ন ক্লাৱৰ সদস্য উপস্থিত থাকে।

বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প ‘গ্ৰাছৰুট অলিম্পিক মিছন টেলেণ্ট হাণ্ট’ সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত ডিমা হাচাও স্প’ৰ্টছ এচ’চিয়েছন আৰু ইয়াৰ অন্তৰ্গত প্ৰতিটো  ক্লাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

সভাত পৰিষদৰ প্ৰধান দেব’লাল গাৰ্লচাৰ উপস্থিতিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে পাৰ্বত্য জিলাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈ সকলে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ আন্তঃগাঁথনি পোৱাত সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাচাও স্প’ৰ্টছ এচ’চিয়েছনক অসম অলিম্পিক সন্থাৰ অধীনলৈ আনাৰ কাৰনে সকলো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

বৈঠকৰ পাছত প্ৰতিনিধি দলটোয়ে নিৰ্মীয়মান ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে।