নিৰ্দোষিতা প্ৰমাণত ব্যৰ্থ: তাৰকা ডিচকাচ খেলুৱৈ কমলপ্ৰীত কৌৰক তিনি বছৰলৈ নিষিদ্ধ

Kamalpreet Kaur

ভাৰতীয় ক্ৰীড়া জগতক পুনৰ জোকাৰি গৈছে ড’পিং কাণ্ডই। বিগত কমনৱেলথ গেমছৰ প্ৰাকমুহূৰ্তত কেইবাগৰাকীও ভাৰতীয় এথলীট ড’পিঙৰ অভিযোগত নিলম্বনৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ আন এগৰাকী তাৰকা খেলুৱৈ ড’পিঙৰ বাবে নিৰ্বাসিত হৈছে।

দেশৰ তাৰকা ডিচকাচ থ্ৰ’ৱাৰ কমলপ্ৰীত কৌৰক নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত তিনি বছৰৰ বাবে নিৰ্বাসনৰ সন্মুখীন হৈছে। এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে এক টুইট যোগে ভাৰতীয় এথলীট গৰাকীৰ নিলম্বনৰ বিষয়ে সদৰী কৰিছে।

অৱশ্যে কমলপ্ৰীতৰ এই নিলম্বন যোৱা ২৯ মাৰ্চৰ পৰাই আৰম্ভ হৈছে বুলি এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে উল্লেখ কৰিছে। ড’পিং পৰীক্ষাৰ সময়ত যোৱা মে’ মাহত কমলপ্ৰীতৰ নমুনাত নিষিদ্ধ ষ্টানোজোলোল পোৱা গৈছিল।

কমলপ্ৰীতে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল যদিও এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে- এ খেলুৱৈগৰাকীক কিছু দিনৰ বাবে নিলম্বিত কৰিছিল। অৱশ্যে কমলপ্ৰীতক ২৭ ছেপ্টেম্বৰলৈকে নিজকে নিৰ্দোষ প্ৰমাণৰো সুযোগ দিছিল এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে।

কিন্তু সময়সীমা পাৰ হোৱাৰ পিছতো খেলুৱৈগৰাকীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবে অৱশেষত তিনি বছৰৰ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা এই নিলম্বনৰ ফলস্বৰূপে কমলপ্ৰীতে যদি এই সময়চোৱাত কোনো প্ৰতিযোগিতাত পদক জয় কৰিছে, তেতিয়া এই সকলো পদক খেলুৱৈগৰাকীৰ পৰা ঘূৰাই লোৱা হ’ব। তদুপৰি এই নিলম্বনৰ ফলত কমলপ্ৰীতে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ পথ বন্ধ হৈছে।

উল্লেখ্য যে বিগত টকিঅ’ অলিম্পিকত কমলপ্ৰীতে ডিচকাচৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পিছতো তাৰকাগৰাকীয়ে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে ইভেণ্টটোত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছিল।

সেয়েহে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত তাৰকাগৰাকীক সম্ভাব্য পদক বিজয়ীৰ তালিকাত স্থান দিয়া হৈছিল যদিও নিলম্বিত হোৱাৰ ফলত এই আশা নিৰ্বাপিত হয়।